সফলতা : বিজ্ঞানীয়ে গ্ৰীনহাউছ গেছৰ ৰূপান্তৰ কৰিব ইথিলিনলৈ

0
615


সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তনৰ ফলত অনাবৃষ্টি, আবতৰীয়া বতৰ, খৰাং, ছুনামী, অতিবৃষ্টি আদি বিভিন্ন কাৰকে দেখা দিছে৷ এইসমূহে মানৱ জীৱনলৈ ভাবুকি আনিছে৷ নানাবিধ দুৰাৰোগ্য বেমাৰৰ সৃষ্টি কৰি নাগৰিকৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ অৱশ্যে ইয়াৰ মূলতে প্ৰধানকৈ মানৱ জাতিয়ে কৰা বহু প্ৰকৃতি বিৰোধী কাৰ্যকলাপে দায়ী৷ এই ভয়াৱহ সমস্যা কেনেদৰে ৰোধ কৰিব বা নিৰ্মূল কৰিব পাৰি তাৰ চিন্তাত গৱেষকসকলে ব্যস্ত আছে৷ বিজ্ঞানীয়ে বিশ্বক গ্ৰীন হাউছ গেছৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ ইয়াৰ ফলস্বৰূপে জলবায়ু পৰিৱৰ্তনৰ অন্যতম কাৰক সেউজগৃহ গেছসমূহৰ ভিতৰত কাৰ্বন ডাই অক্সাইডক লাগতিয়াল ৰাসায়নিক পদাৰ্থলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বিজ্ঞানীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াকে কয় হুলেৰে হুল উলিওৱা বুলি৷ অৰ্থাৎ অপকাৰী, অদৰকাৰী কাৰ্বন ডাই অক্সাইডক বিভিন্ন ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত কৰিব পৰা সুবিধাটোৱে সকলোকে আচৰিত কৰি তুলিছে আৰু উদগ্ৰীৱ হৈ পৰিছে৷ আমেৰিকাৰ চিনছিন্নাটি বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই এই গ্ৰীন হাউছ গেছক ইথিলিনলৈ ৰূপান্তৰ কৰাৰ ফলত বিভিন্ন উৎপাদনক্ষম কামত ব্যৱহাৰ কৰিব পৰা যাব আৰু আনহাতে পৃথিৱীক গ্ৰীন হাউছ গেছৰ বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব৷ গৱেষণাত গৱেষকৰ দলটোৱে তামৰ অনুঘটক ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইডক ইথিলিনলৈ ৰূপান্তৰ কৰাৰ উপায় উদ্ভাৱন কৰে৷ এই গৱেষণাটোৰ নেতৃত্ব দিয়ে বিশ্ববিদ্যালয়খনৰ ইঞ্জিনিয়াৰিং আৰু এপ্লাইড ছায়েন্সৰ সহকাৰী অধ্যাপক ঝিং ডি আৰু তেওঁৰ সহযোগীসকলে৷ উল্লেখ্য যে জীৱাশ্ম ইন্ধনৰ সলনি গ্ৰীন হাউছ গেছৰ কাৰ্বন ডাই অক্সাইডেৰে ইথিলিন উৎপন্ন কৰাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা কমি যাব আৰু পৃথিৱীবাসী সুৰক্ষিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here