সৌন্দৰ্যচৰ্চা তথা ৰূপচৰ্চাৰ কাৰণে বিশেষকৈ মহিলাসকলে কি যে নকৰে৷ দিনটো ব্যস্ত থাকি হ’লেও ৰূপচৰ্চাত বিশেষ অগ্ৰাধিকাৰ দিয়ে মহিলাসকলে৷ মহিলাসকলে সৌন্দৰ্যচৰ্চাক প্ৰথম স্থান দিয়ে তাৰ পাছতে বেলেগ কামত মনোনিৱেশ কৰে৷ মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা চলায়৷ এই ক্ষেত্ৰত বহুতেই স্ত্ৰাব ব্যৱহাৰ কৰে৷ অৱশ্যে স্ত্ৰাব ব্যৱহাৰ কৰাৰ আগতে আপুনি জানেনে যে দিনটোত অথবা সপ্তাহত মুখখনত কিমানবাৰ স্ক্ৰাব কৰিব৷ যিকোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ সঠিক পদ্ধতি তথা নিয়মবোৰ পুংখানুপুংখভাৱে আয়ত্ত কৰা প্ৰয়োজন৷ ইয়াৰ অন্যথা হিতে বিপৰীতহে হ’ব পাৰে৷ মনত ৰাখিব সঠিক পদ্ধতি তথা স্ত্ৰাব কিমানবাৰ কৰিব সেয়া জনা উচিত৷ অন্যথা আপোনাৰ ছালখনৰ ওপৰত ক্ষতি কৰিব পাৰে৷ অৱশ্যে কিমানবাৰ স্ক্ৰাব ব্যৱহাৰ কৰিব সেয়া ছালখনৰ ওপৰতো নিৰ্ভৰ কৰে৷ সাধাৰণতে তৈয়াক্ত ছালৰ ক্ষেত্ৰত সপ্তাহত ২-৩ বাৰ স্ক্ৰাব কৰিব পাৰে৷ আনহাতে সংবেদনশীল ছালৰ ক্ষেত্ৰত সপ্তাহত ১-২ বাৰ স্ক্ৰাব ব্যৱহাৰ কৰা উচিত৷ স্ক্ৰাব কৰাৰ সময়ত মনত ৰখা ভাল যে মুখত যেন জোৰকৈ ঘঁহা নহয়৷ তেনে কৰিলে ছালখন জ্বলা-পোৰা কৰাৰ লগতে পাছত চালখনৰ ক্ষতি হোৱাৰ সম্বাৱনাহে থাকে৷ স্ক্ৰাব কৰাৰ পাছত মুখখন ধোৱাৰ বাবে পৰিষ্কাৰ ঠাণ্ডা পানী ব্যৱহাৰ কৰা উচিত৷ তাৰ পাছত কোমল কপাহী কাপোৰেৰে মুখখন মচি দিব লাগে৷ স্ক্ৰাব কৰাৰ পাছত মইশ্বৰাইজাৰ লগাবলৈ কেতিয়াও নাপাহৰিব৷ ইয়ে ছালখনক হাইড্ৰেট আৰু স্বাস্থ্যকৰ কৰি ৰাখে৷ ছালৰ টান টান ভাব নোহোৱা কৰিবলৈ,ছালৰ মৰা কোষবোৰ আঁতৰাই দি ছালখনৰ ৰুক্ষতা নোহোৱা কৰিবলৈ ফেচ স্ক্ৰাব কৰা খুবেই প্ৰয়োজন৷ যদি ছালখন খুব ৰুক্ষ বা শুষ্ক হৈ যায়, ছালখনত কোনোধৰণৰ এলাৰ্জি দেখা দিয়ে, তেতিয়া ছালখনৰ সৌন্দৰ্য ঘূৰাই আনিবলৈ স্ক্ৰাব কৰা অতি দৰকাৰী৷