সপ্তাহত এবাৰ হ’লেও পুৰৈশাক খাওক

0
1675

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰে পৰা অসমৰ লোকসমাজত বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, ফল-মূল, গছ-বন আদি ব্যৱহৃত হৈ আহিছে৷ এই খাদ্য সামগ্ৰীবোৰ পৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ৷ তাৰ ভিতৰত পুৰৈশাকো এবিধ৷ ইয়াক সাধাৰণতে গ্ৰাম্য অঞ্চলত পোৱা যায়৷ কিছুৱে ইয়াক পুই শাকো বোলে৷ ইয়াৰ বৈজ্ঞানিক নাম বেছেইলা আলবা (Basella Alba)৷ ই হৈছে লতাজাতীয় বৰ্ষজীৱী উদ্ভিদ৷ ই গ্ৰীষ্মপ্ৰধান অঞ্চলত হয়৷ ই সাধাৰণতে ২০ মিটাৰপৰ্যন্ত দীঘল হয়৷ ভাৰত আৰু চীন দেশত পুৰৈশাকক ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে৷ ইয়াত প্ৰচুৰ পৰিমাণে চৰ্বি আৰু কেল’ৰি থাকে৷ ইয়াত থকা ভিটামিন-চি-এ পাকস্থলীত লৌহ পদাৰ্থ আহৰণত সহায় কৰে৷ পুৰৈশাক এনিমিয়া ৰোগৰ কাৰণে উপকাৰী৷ ইয়াত থকা পটেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে৷ ইয়াৰ নিয়মিত সেৱনে দৃষ্টিশক্তি বঢ়োৱাৰ লগতে বাৰ্ধক্যৰ চাপ নিৰ্মূল কৰে৷ চৰ্মৰোগ নিৰাময়ত পুৰৈশাকে অৰিহণা যোগায়৷ কিডনীত পাথৰ হোৱাত পুৰৈশাকে প্ৰতিৰোধ কৰে৷ হাড়ৰ সুৰক্ষা দিয়াৰ লগতে ৰক্তসঞ্চালন প্ৰণালী সুদৃঢ় কৰে৷ কৰ্কট ৰোগীৰ বাবে পুৰৈশাক অতি উপকাৰী৷ জুয়ে পোৰা ঘা, খহু, কীট-পতংগই কামোৰা অংশত পুৰৈশাকৰ প্ৰলেপ দিলে উপশম পাব পাৰি৷ সেয়েহে আহক, সপ্তাহত এবাৰ হ’লেও ভাতৰ সৈতে পূৰৈশাক খোৱাটো অভ্যাস কৰোঁ, কাৰণ এইধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰটোক সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here