সন্তানৰ সুস্বাস্থ্যৰ বাবে ঘৰুৱাভাৱে এইদৰে প্ৰস্তুত কৰক প্ৰ’টিন পাউডাৰ

0
171

সন্তানক ডাঙৰ কৰাৰ ক্ষেত্ৰত মাক-দেউতাৰ অন্যতম চিন্তাৰ বিষয় হ’ল সন্তানৰ শাৰীৰিক বিকাশ সঠিকভাৱে হৈছে নে নাই৷ বহু ক্ষেত্ৰত দেখা যায় যে বয়স অনুযায়ী সন্তান উচ্চতা বৃদ্ধি হৈছেনে নাই, তাক লৈ পিতৃ-মাতৃয়ে খেয়াল ৰাখে আৰু ঠিকমতে বয়সৰ লগে লগে দৈহিক উচ্চতা বঢ়া নাই, সেয়াও এক চিন্তাৰ বিষয় হৈ পৰে৷ আপুনি হয়তো শুনি আচৰিত হ’ব যে ঘৰুৱাভাৱে প্ৰস্তুত কৰা প্ৰ’টিন পাউডাৰ খুৱালে আপোনাৰ সন্তানৰ ইমিউনিটি শক্তিশালী হোৱাৰ লগতে শৰীৰৰ উচ্চতাও সঠিক মাত্ৰা বৃদ্ধি হয়৷ উল্লেখ্য যে সন্তানৰ উচ্চতা বা ওজন বেছিভাগ ক্ষেত্ৰতে জিনগত হয় যদিও কিছু ক্ষেত্ৰত ভিটামিন বা মিনাৰেলৰ অভাৱৰ ফলতো এনে শাৰীৰিক বিসংগতি হ’ব পাৰে৷ এই ক্ষেত্ৰত একেবাৰে ঘৰুৱাভাৱে কিদৰে প্ৰ’টিন পাউডাৰ প্ৰস্তুত কৰিব, সেই সম্পৰ্কে থূলমূলকৈ জানো আহক৷
ঘৰুৱাভাৱে প্ৰ’টিন পাউডাৰ তৈয়াৰ কৰিবলৈ হ’লে এইসমূহ সামগ্ৰীৰ প্ৰয়োজন হয়৷ ৫০ গ্ৰাম বগা তিল, ২০০ গ্ৰাম মাখানা, ১০০ গ্ৰাম আলমণ্ড আৰু ১০০ গ্ৰাম গুৱামুৰি লওক৷ এটা পাত্ৰত গৰম পানী লৈ তাত এই সকলোখিনি সামগ্ৰী গৰম কৰি ল’ব৷ তাৰ পাছত ঠাণ্ডা হ’বলৈ ভালদৰে শুকাই লওক৷ সম্পূৰ্ণ ঠাণ্ডা আৰু শুকোৱাৰ পাছত এইখিনি ব্লেণ্ড কৰি পাউডাৰ প্ৰস্তুত কৰক আৰু এটা কাচৰ পাত্ৰত সংৰক্ষণ কৰি ৰাখক৷ দৈনিক পুৱা ব্ৰেকফাষ্টত গাখীৰৰ সৈতে দুচামুচ এই পাউডাৰ মিহলাই সন্তান খাবলৈ দিয়ক৷ এইদৰে অভ্যাস কৰালে আপোনাৰ সন্তানৰ ইমিউনিটি বঢ়াৰ লগতে হজম শক্তি উন্নত হ’ব৷ এই পাউডাৰে স্মৃতিশক্তি বৃদ্ধি কৰাতো সহায় কৰে৷ সন্তানৰ উচ্চতাৰ সঠিকভাৱে বাঢ়িবলৈ এই পাউডাৰ অত্যন্ত কাৰ্যকৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here