সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক

0
12

সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ দেখুওৱা প্ৰতিগৰাকী অভিভাৱকে দায়িত্ব৷ সৰু কালতে যদি শিশুক গঢ় দিয়া নহয়, তেনেহ’লে ডাঙৰ হ’লে কেতিয়াও সম্বৱ নহয়৷ সেয়ে বিচাৰ বুদ্ধিৰ পৰা আৰম্ভ কৰি পঢ়াৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব তাৰো জ্ঞান দিয়াৰ আৱশ্যক৷ আন অভ্যাসৰ লগতে শিশুৰ জ্ঞান বৃদ্ধিৰ বাবে সন্তানক সৰুৰে পৰা এইধৰণৰ ব্যায়াম কৰিবলৈ শিকাওক৷ শিশুৰ জ্ঞান-বুদ্ধি বৃদ্ধিৰ ক্ষেত্ৰত এইবোৰ যোগাসনে বিশেষ ভূমিকা গ্ৰহণ কৰে৷
বৃক্ষাসন ঃ– এই আসন কিৰফৰ পৰা সকলোৰবলৈ বেছি কঠিন নহয় যদিও ইয়াৰ উপকাৰ যথেষ্ট৷ প্ৰথমে মানুহজন মাটিত থিয় হৈ লওক৷ তাৰ পাছত যিকোনো এখন ভৰি আঠুৰ ওপৰলৈ কোঁচাই নিয়ক আৰু আনখন ভৰি মাটিত থওক৷ মাটিত থোৱা ভৰিখনেৰে শৰীৰৰ সমস্ত ভাৰসাম্য বৰ্তাই ৰাখক৷ এইদৰে কিছু সময় ৰৈ পাছত আনখন ভৰিৰে অনুৰূপ ধৰণে কৰাৰ চেষ্টা কৰক৷ এই অৱস্থাত হাত দুখন নমস্কাৰ ভংগীত লগ লগাই মূৰৰ ওপৰলৈ সম্পূৰ্ণ দাঙি ধৰিব৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷
সৰ্বাংগসন ঃ– এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিত ওপৰমুৱাকৈ সম্পূৰ্ণ শুই লওক৷ তাৰ পাছত ভৰি দুখন লাহে লাহে ওপৰলৈ দাঙি ধৰক৷ এটা সময়ত আপোনাৰ ভৰি দুখন সম্পূৰ্ণ ওপৰলৈ নি শৰীৰৰ সমস্ত ভৰ কান্ধ দুখন আৰু মূৰৰ ওপৰত ৰাখক৷ এই সময়ত হাত দুখনেৰে শৰীৰৰ ভাৰসাম্য ৰখাৰ কাৰণে কঁকালত খামুচি হেঁচি ধৰক৷ এনে অৱস্থাত আপোনাৰ বৰি দুখন সম্পূৰ্ণ পোন হৈ ওপৰলৈ দাঙি ধৰাৰ চেষ্টা কৰক৷ এইদৰে কিছু সময় থকাৰ পাছত লাহে লাহে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here