সন্তানৰ উচ্চতা বঢ়াবলৈ এই আসনৰ অভ্যাস কৰক

0
159

শৰীৰৰ উচ্চতা বৃদ্ধি হোৱাটো খুব গুৰুত্বপূৰ্ণ৷ বয়সৰ লগে লগে সকলোৰে শৰীৰৰ আন কাৰ্যৰ লগতে উচ্চতাও বাঢ়িবলৈ ধৰে৷ বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ উচ্চতা নাবাঢ়িলে চিন্তাৰ বিষয় হয় আৰু এইটো উচ্চতা বৃদ্ধি নোহোৱা প্ৰক্ৰিয়াটো মাৰাত্মকো৷ বহুতৰ ক্ষেত্ৰত দেখাত চাপৰ তথা কম উচ্চতাৰ বাবে জীৱনটোত বিব্ৰত বোধ কৰাও দেখা যায়৷ কেতিয়াবা কিবা পৰিস্থিতিত অসন্মানবোধ তথা লজ্জাজনক পৰিৱেশতো পৰিবলগীয়া হয়৷ যোগৰ মাধ্যমেৰে শৰীৰৰ উচ্চতা বৃদ্ধি কৰিব পাৰে৷ সেয়ে শিশুক সৰু কালতে যোগব্যায়াম কৰাৰ অভ্যাস কৰালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ অৰ্থাৎ শিশু উচ্চতা বৃদ্ধিত যোগে যথেষ্ট সহায় কৰে৷ ইয়াৰ বাবে বাছি ল’ব পাৰে পশ্চিমোত্তাসন আৰু ভুজংগসানৰ দৰে আসন৷ এই দুই আসনে শিশুৰ শৰীৰৰ উচ্চতা বৃদ্ধিত পৰোক্ষভাৱে সহায় কৰে৷ শিশুৰ শৰীৰ নমনীয় কৰাত তথা উচ্চতা বৃদ্ধিত পশ্চিমোত্তাসন আনে যথেষ্ট অৰিহণা যোগায়৷ ইয়াৰ লগতে শিশুৰ সু-স্বাস্থ্যৰ বাবে এই আসন অতি উপকাৰী৷
কিদৰে কৰিব পশ্চিমোত্তাসন ঃ- এই আসন কৰিবলৈ হ’লে প্ৰথমে আপুনি এখন মেটত ভালদৰে বহি লওক৷ এতিয়া ভৰি দুখন প্ৰসাৰিত কৰি আগলৈ মেলি দিয়ক৷ ইয়াৰ পাছত মানুহজন লাহে লাহে আগলৈ হাউলি আহি মূৰটো ভৰিত লগাবৰ চেষ্টা কৰক৷ এনে সময়ত হাত দুখনেৰে ভৰিৰ তলুৱা অথবা আঙুলিত ধৰি এনেদৰে হেঁচি ধৰক মূৰটো যাতে ভৰিৰ আঁঠুত লাগি যায়৷ এই সময়ত শ্বাস-প্ৰশ্বাস এৰা বা লোৱা স্বাভাৱিক কৰক৷ এইদৰে কিছু সময়ত ৰৈ তাৰ পাছত লাহে লাহে ওপৰলৈ মূৰটো উঠাই আনি পুনৰ বহাৰ মুদ্ৰাত থাকক৷
কিদৰে কৰিব ভুজংগাসন ঃ- এই আসন কৰিবলৈ বিশেষ জটিলতা নাই৷ প্ৰথমে মানুহজন মাটিত পেট পেলাই শুই দিয়ক৷ তাৰ পাছত আপুনি ভৰি দুখন পিছফাললৈ পোন কৰি দিব৷ এতিয়া হাতত ভৰ দি কঁকালৰ পৰা ওপৰৰ অংশটো মাটিত ওপৰলৈ লাহে লাহে উঠাই আনক৷ এইদৰে মূৰটো ওপৰমুৱাকৈ ৰাখি পিছফালে হাওলাই দিব, যাতে পিঠিত কষ্ট অনুভৱ কৰে৷ এনে অৱস্থাত হাত দুখনৰ পোন কৰি মাটিত ভৰ দি ৰাখিব৷ উশাহ-নিশাহ স্বাভাৱিকভাৱে লওক৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ পুনৰ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here