শাক-পাচলি সতেজ তথা বহুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ফ্ৰীজত ৰখা হyয়৷ কিন্তু আমি সকলো পাচলিয়েই ফ্ৰীজত ৰখা উচিতনে? উত্তৰত ক’ব পাৰি মুঠেও নহয়৷ সকলো শাক-পাচলি ফ্ৰীজত ৰখা উচিত নহয়৷ কিছুমান ফ্ৰীজত ৰখা পাচলি খোৱাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে৷ জানো আহক কোনবোৰ পাচলি ফ্ৰীজত ৰখা উচিত নহয়৷
পুষ্টিবিদৰ মতে বিলাহী ফ্ৰীজত ৰখা উচিত নহয়৷ ইয়াক ঘৰৰ বাহিৰত সাধাৰণ তাপমাত্ৰাত ৰাখক৷ বিশেষজ্ঞৰ মতে বিলাহী ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ, গোন্ধৰ পৰিৱৰ্তন হয়৷ আনহাতে বিলাহী পৰিলে তাৰ পৰা ইথিলিন গেছ নিৰ্গত হয়৷ যাৰ ফলত ইয়াৰ দ্ৰুত পচনক্ৰিয়া আৰম্ভ হয়৷ সেয়েহে ইয়াক সাধাৰণ পৰিৱেশত ৰখাটো ভাল৷
কলেজ অব এগ্ৰিকালচাৰ এণ্ড এনভাইৰনমেণ্ট ছায়েন্সেছৰ মতে তিঁয়হ কিছুদিন ধৰি ১০ ডিগ্ৰী ছেলচিয়াছৰ তলত ৰাখিলে ইয়াৰ দ্ৰুত পচন আৰম্ভ হয়৷ আনহাতে দীৰ্ঘদিন ধৰি এইবিধ পাচলি ফ্ৰীজত ৰাখিলে স্বাস্থ্য ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷ সেয়ে তিঁয়হক ফ্ৰীজত ৰখাৰ পৰিৱৰ্তে সাধাৰণ উষ্ণতাত ৰখা ভাল৷
এভোকাডো ফ্ৰীজত একবাৰে নাৰাখিব৷ এভোকাডোত প্ৰচুৰ পৰিমাণে ফেটি এচিড থাকে৷ ইয়াত কলেষ্টৰেলৰ মাত্ৰা যথেষ্ট কম থাকে৷ সেয়ে এভোকাডো ফ্ৰীজত ৰাখিলে বাহিৰৰ ফালে সজীৱ তথা বাহিৰৰ ফাল শাক্ত থাকে যদিও ভিতৰৰ অংশ পচি নষ্ট গৈ যায়৷ ফ্ৰীজত কেঁচা এভোকাডো ৰাখিলে তাৰ খাদ্যগুণ নষ্ট হয় লগতে এনে খাদ্য খোৱাটোও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷
বহুতেই আন পাচলিৰ সৈতে আলুও ফ্ৰীজত ৰাখে৷ কিন্তু আলু ফ্ৰীজত ৰখাৰ ফলত তাত থকা ষ্টাৰ্চ চেনিলৈ পৰিৱৰ্তন হয়, যি ডায়েবেটিছ ৰোগীসকলৰ বাবে ক্ষতিকাৰক৷
নহৰু বিভিন্ন উপায়েৰে সংৰক্ষণ কৰা হয়৷ বিশেষজ্ঞৰ মতে সতেজ নহৰু সংৰক্ষণ কৰাৰ সহজ আৰু সৰ্বোত্তম উপায়টো হ’ল ৰান্ধনী ঘৰত ৰখা৷ ৰান্ধনী ঘৰত সাধাৰণ তাপমাত্ৰাত নহৰু ৰাখিলে বহুদিনলৈ সংৰক্ষণ কৰিব ৰাখিব পাৰি৷ কিন্তু ফ্ৰীজত নহৰু কেতিয়াও নাৰাখিব৷ ফ্ৰীজত ৰখাত ফলত নহৰুৰ গুণাগুণ নষ্ট হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষেও উপকাৰী নহয়৷