সঘনাই হাত ধোৱাৰ ফলত হাতৰ মসৃণতা কমে নেকি?

0
53

নিজকে বেমাৰৰ বীজাণুৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে সঘনাই হাত ধোৱাটো অতি আৱশ্যক৷ দিনটোত কমেও বিশ ছেকেণ্ড সঘনাই হাত ধুলে আমাৰ শৰীৰটো ৰোগমুক্ত হৈ থকাত সহায়ক হয়৷ কিন্তু সঘনাই হাত ধোৱাৰ ফলত আমাৰ হাতৰ আদ্ৰৰ্তা নাইকিয়া হৈ যায়৷ ফলত হাত শুকান, খহটা হ’বলৈ ধৰে৷ কাৰণ ঘনে ঘনে হাত ধোৱাৰ ফলত আমাৰ ছালৰ প্ৰাকৃতিক তেল নাইকিয়া হৈ যায়৷ ফলস্বৰূপে বাহিৰৰ ৰ’দ-বতাহে শৰীৰত ডিহাইড্ৰেশ্যনৰ পৰিমাণ বৃদ্ধি কৰি হাতখন শুকান হোৱাত অৰিহণা যোগায়৷ সেয়েহে আপুনি আপোনাৰ হাতৰ ছালৰ ওপৰতো নজৰ দিয়া উচিত৷
যিহেতু চাবোনত থকা কেমিকেলে ছালৰ প্ৰাকৃতিক তেলক ধুই পেলায়, সেয়েহে হাত ধোওঁতে কোমল এলাৰ্জি ফ্ৰী আৰু মইশ্বৰাইজাৰ ক্ৰিম থকা চাবোনহে ব্যৱহাৰ কৰিব লাগে৷
পেৰাফিন থকা হেণ্ড ক্ৰিম শুকান হাতৰ যতনৰ বাবে উত্তম৷ এইবিধ উপাদানে ছালখন হাইড্ৰেট কৰি ৰখাৰ লগতে মসৃণ কৰাতো সহায় কৰে৷
আপোনাৰ মুখখনৰ লগতে আপোনাৰ হাতখনকো বিশেষ পৰিচৰ্যাৰ প্ৰয়োজন হয়৷ ইয়াৰ বাবে আপুনি অলপ দৈৰ লগত এচামুচ মৌ, এচামুচ বাদাম তেল আৰু এচামুচ ওটমিলেৰে তৈয়াৰী এটা পেষ্ট তৈয়াৰ কৰি লওক৷ এই পেষ্টটো হাতত লগাই পোন্ধৰ-বিশ মিনিটমান পাছত হাতখন কুহুমীয়া পানীৰে ধুই দিয়ক৷ এনেদৰে কৰিলে আপুনি শুকান হাতৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here