শৰীৰৰ লগতে মনটোকো যে ভালে ৰখা জৰুৰী , সেই কথা বহুতেই জানো যদিও ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰে৷ এটা সময়ত মানসিক উদ্বেগ, উৎকণ্ঠা জমা হৈ হৈ পাহাৰপ্ৰমাণ হৈ উঠে৷ বহুতেই সেই কথাবোৰ আন কাকো অৱগত নকৰে আৰু এই অৱদমিত ভাবনাৰ অভ্যাসৰ পৰাই সৃষ্টি হয় অ’ভাৰথিংকিং বা অমূলক দুশ্চিন্তাৰ৷ এই বিষয়টো আচলতে বেছ জটিল৷ কেইষাৰতে ইয়াৰ প্ৰকাশ অসম্ভৱ৷ তথাপি এইধৰণৰ সমস্যাত ভুগিলে কি কৰা উচিত, সেই বিষয়ে আলোচনাৰ প্ৰয়োজনীয়তা আছে৷ অ’ভাৰথিংকিং বা অপ্ৰয়োজনীয় ভাবনা ৰোধ কৰাটো কঠিন হ’লেও কিছু কৌশল নিয়মিত অভ্যাসৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ বৰ্তমান মুহূৰ্তক মনোযোগ দিব– অতিৰিক্ত চিন্তা-ভাবনা সাধাৰণতে ভৱিষ্যৎ বা অতীতৰ ঘটনাক লৈ হয়৷ বৰ্তমান মুহূৰ্তক মনোযোগ দিয়া বা মাইণ্ডফুলনেছ অভ্যাসৰ জৰিয়তে এই প্ৰৱণতা কমাব পাৰে৷ প্ৰথমে শান্তভাৱে এক নিৰিবিলি পৰিৱেশত বহি লওক আৰু শ্বাস-প্ৰশ্বাসৰ অনুভূতিত মনোযোগ দিয়ক৷ যেতিয়া অন্য কোনো চিন্তা মনলৈ আহে, তেনে অৱস্থাত মনক অন্য দিশলৈ নিয়াৰ চেষ্টা কৰক৷ এইটো এটা সহজ কিন্তুশক্তিশালী ব্যায়াম, যি মনত বৰ্তমানটো স্থিৰ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি আপুনি চাৰিওফালে যি ঘটনা ঘটি আছে, সেইসমূহ মনোযোগ দি পৰ্যবেক্ষণ কৰক৷ কি দেখিছে, কি শুনিছে বা কি অনুভৱ কৰিছে, এই সকলোবোৰ দিশৰ প্ৰতি সচেতন হওক৷ ইয়ে আপোনাক বাস্তৱতাৰ লগত আবদ্ধ কৰি ৰাখিব তথা অপ্ৰয়োজনীয় ভাবনাৰ পৰা দূৰত ৰাখিব৷ বহু সময়ত আমি এনে চিন্তাত ডুবি থাকো, যাৰ কোনো বাস্তৱ ভিত্তি নাই৷ এই চিন্তাবোৰ চিহ্নিত কৰি সেইবোৰক চেলেঞ্জ কৰা আৰু যুক্তিযুক্তভাৱে বিশ্লেষণ কৰা অ’ভাৰথিংকিং ৰোধ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ উপায়৷ অযৌক্তিক বা নেতিবাচক চিন্তাক মনত প্ৰশ্ৰয় নিদি ইতিবাচক চিন্তাৰ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰক৷ যেনে আমি ব্যৰ্থ হৈছো বুলি ভবাৰ পৰিৱৰ্তে আমি চেষ্টা কৰি চাওঁ, যি হয় পাছত দেখা যাব বুলি ভবাটো প্ৰয়োজন৷ অথবা ব্যৰ্থ হ’লেও আমি শিখৰত বুলি ভাবিলে ইয়াৰ ফলাফল উন্নত হয়৷ যেতিয়া আপুনি বুজিব যে আপুনি অপ্ৰয়োজনীয় চিন্তা-ভাবনাত ডুব গৈ আছে, তেতিয়া মনটোক কামত ব্যস্ত ৰাখি আনফালে নিয়াৰ চেষ্টা কৰক৷ খোজকঢ়া, দৌৰা, যোগাসন বা আন শাৰীৰিক ব্যায়ামে মনক সতেজ কৰা তথা নেতিবাচক চিন্তাৰ পৰা মুক্তি দিয়াত সহায় কৰে৷ ইয়াৰ উপৰি গান শুনা, চিনেমা চোৱা, ঘৰুৱা কাম বা বাগিচাৰ কামত মনোনিৱেশ কৰা আদি কামত নিজক নিয়োজিত কৰক, যিয়ে আপোনাক আনন্দ দিয়ে আৰু মনটো ব্যস্ত ৰাখিব পাৰে৷