বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰাক্ক্ষণত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-এ কভিড-১৯ মহামাৰীৰ ফলত সৃষ্ট ফাকবোৰ দূৰ কৰিবলৈ আৰু সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ যোগেদি সকলোৰে বাবে স্বাস্থ্যৰ লক্ষ্যত উপনীত হ’বলৈ সমন্বিত আৰু জৰুৰী প্ৰচেষ্টাৰ বাবে আহ্বান জনায়৷ বিশ্ব স্বাস্থ্য সংগঠনৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালক ডাঃ পুনম ক্ষেত্ৰপাল সিঙে কয় যে সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ যোগেদি সকলোৰে বাবে স্বাস্থ্যৰ লক্ষ্যত উপনীত হ’বলৈ আৰু কোনো আৰ্থিক কঠিনতাৰ সন্মুখীন নোহোৱাকৈ সকলোৰে বাবে অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা সহজলভ্য কৰাত সহায় কৰিবলৈ ডব্লিউ এইচ অ’ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ৷ বিশ্ব স্বাস্থ্য দিৱসত ডব্লিউ এইচ অ’ই সমগ্ৰ বিশ্বত জনস্বাস্থ্য আৰু সুস্থতা উন্নতকৰণৰ ৭৫ সংখ্যক বাৰ্ষিকী পালন কৰিব৷ ক্ষেত্ৰপাল সিঙে কয় যে কভিড মহামাৰীৰ কাৰণে দক্ষিণ-পূব এছিয়াৰ প্ৰায় ৪০ শতাংশ লোক অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা লাভৰ পৰা বঞ্চিত হ’ল৷ ভালেমান ৰোগৰ টিকাকৰণ নহ’ল বা পিছুৱাই গ’ল৷