সংগ্ৰহ কৰা হৈছে ৯৫ হাজাৰ বছৰআগৰ বনমানুহৰ দাঁতৰ নমুনা

0
565

পশ্চিম ইউৰোপৰ নিয়ানডাৰথালৰ মানুহৰ প্ৰাচীনতম পূৰ্বপুৰুষ বুলি কোৱা হয়৷ প্ৰায় দুই লাখ বছৰৰ আগেয়ে এই বনমানুহ পৃথিৱীত বাস কৰিছিল৷ এই আদিম মানুহে দাঁতৰ এলামেলৰ দ্বাৰা খাদ্য ছিৰাছিৰ কৰি ভক্ষণ কৰিছিল৷ এওঁলোকৰ খাদ্য চিকাৰৰ বাবে দাঁতেই আছিল অস্ত্ৰস্বৰূপ৷ এই প্ৰজাতিৰ বনমানুহৰ দাঁতৰ শক্তি আছিল প্ৰচুৰ৷ নিয়ানডাৰথালৰ মানুহৰ খাদ্যাভ্যাস ধাৰণা সম্পৰ্কে বিজ্ঞানীয়ে আগবাঢ়িছে৷ ছাউডাম্পটন বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে কৰা গৱেষণাত ধৰা পৰিছে চাঞ্চল্যকৰ তথ্য৷ গৱেষণাৰ পৰা জানিব পৰা মতে নিয়ানডাৰথালৰ গোত্ৰৰ মানুহৰ সৰু প্ৰাণীতো বেলেগেই বৃহৎ বৃহৎ আকৃতিৰ প্ৰাণীকো সহজে চিকাৰ কৰিব পাৰিছিল৷ প্ৰসংগতঃ ২ লাখ বছৰৰ আগেয়ে পৃথিৱীত থকা এই বনমানুহে গুহাত বাস কৰিছিল৷ সম্প্ৰতি ছাউডাম্পটন বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে পৰ্তুগালৰ আলমোণ্ডা গুহাত থকা এই বনমানুহৰ দাঁতৰ নমুনা সংগ্ৰহ কৰিছে৷ সেই নমুনা বিশে¡ষণ কৰিলে ইয়াৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব বুলি ধাৰণা কৰিছে৷ আলমোণ্ডা গুহাত প্ৰাগৈতিহাসিক যুগত বাস কৰা এই বনমানুহে কিদৰে জীৱন ধাৰণ কৰিছিল, তাৰো ৰহস্য ভেদ হ’ব৷ পি এন এ এছ জাৰ্নালত প্ৰকাশিত গৱেষণাৰ পৰা জনা গৈছে যে এই মানুহৰ মাজত জৈৱিক পৰিৱৰ্তন কিদৰে হৈছিল সেই কথা জানিবলৈ পোৱা যাব এই নতুন অধ্যয়নটোৰ পৰা৷ এই প্ৰজাতিৰ বনমানুহে নিজতকৈ কেইবাগুণে ডাঙৰ শক্তিশালী প্ৰাণীক অনায়াসে চিকাৰ কৰি¸ছিল৷ এই গৱেষণাৰ বাবে যিবোৰ নমুনা সংগ্ৰহ কৰা হৈছে সেইবোৰ নমুনা পোৱা গৈছে ৯৫ হাজাৰ বছৰ আগৰ বনমানুহৰ দাঁত৷ এই দাঁতৰ মনুনাৰ পৰাই বনমানুহৰ প্ৰকৃতি সম্পৰ্কে জানিব পৰা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here