সমুদ্ৰৰ আৱ-হাৱা, সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্ছতা বৃদ্ধি তথা সঘনাই হোৱা বিভিন্ন সময়ত সামুদ্ৰিক চুনামি আদি এল নিনোৰ প্ৰভাৱত ফলতে হৈ আহিছে৷ সঘনাই সংঘটিত হোৱা বতৰৰ পৰিৱৰ্তন, ভয়ংকৰ ঘূৰ্ণীবতাহে সমুদ্ৰৰ উপকূলৱৰ্তী লোকসকলৰ সন্ত্ৰসিত কৰি তুলিছে৷ তেওঁলোকৰ জীৱন-জীৱিকাৰ প্ৰতি এই ঘটনাবোৰে দুৰ্বিষহ কৰিছে৷ ইয়াৰ মূলতে প্ৰধান জগৰীয়া হিচাপে এল নিনো চিহ্নিত হৈছে৷ এল নিনোৰ প্ৰভাৱতে এনেধৰণৰ বিপদসমূহ সমুদ্ৰপৃষ্ঠত ঘটিবলৈ ধৰিছে৷ শেহতীয়াভাৱে প্ৰকাশিত খবৰে আৰু অধিক আশংকা ব্যক্ত কৰিছে৷ প্ৰকাশিত খবৰ মতে এল নিনোৰ প্ৰভাৱৰ ফলত সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি সংক্ৰামক ৰোগ বৃদ্ধি পাব বুলি কোৱা হৈছে৷ ইয়াৰ ভিতৰত ডেংগু, চিকুণগুটীয়া ৰোগ, জিকা ভাইৰাছ আদি হোৱাৰ শংকা বৃদ্ধি পাব৷ বিশ্ব স্বাস্থ্য সংস্থাই এই কথা প্ৰকাশ কৰিছে৷ সংস্থাটোৰ মুৰব্বী টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে এই সন্দৰ্ভত কয় যে এল নিনোৰ প্ৰভাৱত ফলত সমগ্ৰ বিশ্বতে ডেংগু, জিকা ভাইৰাছৰ দৰে ৰোগৰ সংমক্ৰণ বৃদ্ধি পাব৷ সংস্থাটোৰ মুৰব্বীজনে ইয়াৰ বাবে সাৱধাণবাণী শুনাই তেওঁ ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ দেশসমূহক সতৰ্ক হ’বলৈ পৰামৰ্শ দিয়ে৷ তেওঁ জনোৱা মতে এল নিনোৰ বাবে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত মহৰ সংখ্যা বৃদ্ধি পাব আৰু এইবোৰে সংক্ৰামক ৰোগৰ বীজাণু বিয়পাত সহায় কৰিব৷ আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এল অ’ এ এয়ে সদৰী কৰা মতে এল নিনোৰ প্ৰভাৱৰ বাবে এইবাৰ তাপমাত্ৰা ঊৰ্ধ্বগতিত বৃদ্ধি হৈ ইয়াৰ হাৰে নতুন অভিলেখৰ সৃষ্টি কৰিব৷ ইতিমধ্যে আৰম্ভণিতেই ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে৷ ইয়াৰ ফল, সমুদ্ৰপৃষ্ঠত তাপমাত্ৰা অধিক বৃদ্ধি পাব৷ আনহাতে ভাৰতত এল নিনোৰ প্ৰভাৱৰ ফলত মৌচুমী বায়ুত বিলম্ব হৈছে৷ ইয়াৰ লগতে ঘূৰ্ণীবতাহেও ইয়াত অৰিহণা যোগাইছে৷