ষ্ট্ৰেচ মুক্ত, উন্নত টোপনিৰ বাবে বিপৰিতাকাৰণী আসন কৰক

0
6

আজিকালি অতি ব্যস্ত তথা চাপপূৰ্ণ জীৱন যাত্ৰাত বহুতেই স্বাস্থ্যৰ যতনৰ বাবে সময়ৰ অভাৱ হয়৷ কিছুৱে তাৰ মাজতে সময় উলিয়াই শাৰীৰিক তথা মানসিক উন্নতিৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে৷ বহুমূলীয়া এই সময়কণত আপুনি মাত্ৰ পাঁচ মিনিটৰ বাবে আপোনাৰ ভৰি দেৱাল বা বেৰত দাঙি ধৰি যোগাসন কৰিলে বহুতো স্বাস্থ্য উপকাৰ পাব পাৰে৷ এই অতি সহজ কিন্তু শৰীৰৰ বাবে কাৰ্যকৰী যোগাসনক কোৱা হয় বিপৰিতাকাৰণী ভংগীৰ আসন বুলি৷ এইটো যোগাব্যায়ামৰে এটা অংশ, যি কেৱল শৰীৰক শিথিল কৰাৰ লগতে মানসিক শান্তি যোগাই মনটো ষ্ট্ৰেচ মুক্ত কৰাৰ লগতে শাৰীৰিক শক্তিও প্ৰদান কৰে৷ এই যোগাসনে অনিদ্ৰাৰ সমস্যা দূৰ কৰি ৰাতি ভাল টোপনি যোৱাত যথেষ্ট অৰিহণা যোগায়৷ এই আসনৰ অন্যতম প্ৰধান সুবিধা হ’ল ই ৰক্ত সঞ্চালন উন্নত কৰে৷ আনহাতে বিপৰিতাকাৰণী আসনে হজম প্ৰক্ৰিয়াক শক্তিশালী কৰে৷ গেছ, কোষ্ঠকাঠিন্য তথা এচিডিটিৰ দৰে পেটৰ সমস্যা সমাধান কৰিলে এই আসন অতি উত্তম৷ এই আসন কৰিলে মেটাবলিজমৰ উন্নতি হয়, যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷
কিদৰে কৰিব বিপৰিতাকাৰণী আসন ঃ এই আসন কৰাৰ বাবে প্ৰথমে এটা শান্ত আৰু আৰামদায়ক ঠাই বাছি ল’ব৷ তাৰ পাছত আপুনি ওপৰমুৱাকৈ শুই দিব৷ মন কৰিব য’ত আপুনি শুই লয়, তাৰ বিপৰীত ফালে যাতে ৱাল থাকে৷ এতিয়া আপোনাৰ নিতম্ব ৱালত সম্পূৰ্ণকৈ লগাই দিব৷ তাৰ পাছত লাহে লাহে ভৰি দুখন ৱালৰ লগায়ে ওপৰলৈ দাঙি তুলি ধৰক৷ এই সময়ত হাত দুখনেৰে কঁকালত ধৰিব, যাতে ভৰি দুখনৰ বেলেঞ্চ ঠিকে থাকে, লগতে শৰীৰৰ ভৰখিনিও হাত দুখনে ৰাখিব পাৰে৷ এইদৰে পাঁচ মিনিটমান থাকি লাহেকৈ ভৰি দুখন নমাই আনি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here