বিভিন্ন কাৰণত আমাৰ মন বেয়া হৈ থাকে৷ কেতিয়াবা যদি হঠাতে মন বেয়া লাগে আকৌ কেতিয়াবা প্ৰায়ে মন বেয়া লাগি থাকে৷ বিভিন্ন সময়ত বেয়া পৰিস্থিতিৰ বাবে আমাৰ উদ্বেগ তথা মানসিক চাপ অনুভৱ কৰা যায়৷ এনে অৱস্থাত মেজাজ বাল হোৱাৰ কোনো লক্ষণেই নাথাকে৷ যাৰ বাবে আপুনি শৰীৰৰ শক্তি কমি যোৱা অনুভৱ কৰে৷ যাৰ প্ৰভাৱ শৰীৰ আৰু মন উভয়তে পৰে৷ মন ভালে ৰখাৰ লগতে শৰীৰৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ সেয়ে আমি যোগব্যায়ামৰ অভ্যাস কৰিব লাগে৷ নিয়মিতভাৱে যোগাসন কৰিলে শৰীৰ আৰু মনৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে বিভিন্ন ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি৷ শৰীৰ আৰু মনৰ ভাৰসাম্য অটুট ৰাখিবলৈ নিয়মিতভাৱে সেতুবন্ধাসন কৰিব পাৰে৷ এই আসনে মনৰ স্থিৰতা অটুট ৰাখে আৰু বিভিন্ন শাৰীৰিক অসুবিধা দূৰ কৰে৷ সেয়ে শাৰীৰিক তথা মানসিকভাৱে ফিট হৈ থাকিবলৈ সেতুবন্ধাসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব সেতুবন্ধাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহগৰাকী ওপৰমুৱাকৈ মাটিত শুই ল’ব৷ ইয়াৰ পাছত ভৰিৰ তলুৱা মাটি ৰাখি ভৰি দুখন ক্ৰমে ওপৰলৈ উঠাই দিয়ক. একেলগে কঁকাল আৰু মূৰৰ তলৰ অংশও সমানে মাটিৰ ওপৰলৈ দাঙি ধৰক৷ হাত দুখনেৰে ভৰিৰ গোৰোহাত ভালদৰে ধৰি থাকক, যাতে বাকী অংশ ওপৰলৈ উঠাত সহায়ক হয়৷ আনহাতে মূৰটো মাটিৰ এনেদৰে গুঁজি ধৰক, যাতে শৰীৰৰ ভাৰ ধৰি ৰাখিব পাৰে৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷