শৰীৰৰ সুস্বাস্থ্যৰ বাবে ব্যায়াম তথা যোগাসন অপৰিহাৰ্য৷ যোগ অবিহনে শৰীৰে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ বিষ-বেদনা, কোনো কাৰণ অবিহনে শাৰীৰিক অসুস্থতা, চকু, চুলি, শৰীৰৰ আন আন অংগসমূহৰ বিভিন্ন অসুবিধাই দেখা দিব পাৰে শাৰীৰিক শ্ৰম তথা ব্যায়াম কৰাৰ অভ্যাস নকৰাৰ বাবে৷ সেয়ে শৰীৰৰ যতনৰ বাবে ব্যায়াম কৰাটো একান্তই কৰ্তব্য হোৱা উচিত৷ আনহাতে মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়া সমস্যা, ঋতুস্ৰাৱৰ সমস্যা আদি বিভিন্ন সমস্যা থাকে৷ বহুতে ক্ষেত্ৰতে দেখা যায় যে সময়মতে মাহেকীয়া নোহোৱা, মাহেকীয়াৰ সময়ত পেটৰ বিভিন্ন অসুবিধা আদি হয়৷ এনে ক্ষেত্ৰত এই বদ্ধকোনাসন নিয়মীয়াভাৱে কৰিলে যথেষ্ট সুফল পোৱা যায়৷ আনহাতে শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰিবলৈ হ’লে বদ্ধকোনাসন কৰা জৰুৰী৷ বদ্ধকোনাসন কৰাৰ ফলত পেটত জমা হোৱা চৰ্বি সহজে কমি যায়৷ সেয়ে বিভিন্ন শাৰীৰিক অসুবিধাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিয়মিতভাৱে বদ্ধকোনাসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব বদ্ধকোনাসন ঃ- বদ্ধকোনাসন কৰিবলৈ হ’লে প্ৰথমে মানুহজন পিঠি পোন কৰি মাটিত বহি লওক৷ বহি থকাৰ ভংগীতে প্ৰথমে ভৰি দুখনৰ আঁঠু দুটা ভাঁজ কৰি ল’ব৷ তাৰ পাছত ভৰি দুখনৰ তলুৱাৰে দুয়োখন ভৰি স্পৰ্শ কৰি ৰাখক৷ এনে অৱস্থাত হাত দুখনেৰে ভৰি দুখন লৰাৰ নোৱাৰাৰ বাবে আঁঠু বা আঙুলিত হেঁচা দি থাকক, যাতে ভৰিদুখনে টান টান অনুভৱ কৰে৷ এই ভংগীতেই ইয়াৰ পাছত মূৰটো আগলৈ আনি ভৰিৰ কাষৰ মাটি স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ এইদৰে কিছু সময় থাকি পাছত আগৰ মুদ্ৰালৈ ঘূৰি যাওক৷ এনেদৰে চাৰিবাৰমান কৰাৰ চেষ্টা কৰিব পাৰে৷