শৰীৰৰ সুস্থতাৰ বাবে এইবোৰ খাদ্য এৰাই চলক

0
1

আমি দিনটোৰ সৰহভাগ সময়ত বাছ-বিচাৰ নোহোৱাকৈ নানাধৰণৰ খাদ্য গ্ৰহণ কৰোঁ৷ এই সকলোবোৰ খাদ্যই যে আমাৰ উপকাৰ সাধন কৰে, তেনে নহয়৷ ইয়াৰে কিছুমানে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়৷ সেয়েহে আমি খাদ্যৰ গুণাগুণ বিচাৰ কৰিহে খাদ্য খোৱাটো ভাল৷ জানো আহক কি ধৰণৰ খাদ্য খোৱাটো শৰীৰৰ বাবে বেয়া আৰু খাদ্য তালিকাৰ পৰা এৰাই চলাটো উচিত৷
সতেজ, তেজাল মাংস খোৱাৰ পৰিৱৰ্তে ৰেডিমেট মাংস খোৱাৰ প্ৰবণতা বাঢ়িছে, সেয়া সময় অভাৱতে হওক বা আন কিবা কাৰণত৷ কিন্তু এনেধৰণৰ খাদ্যত থাকে এন নাইট্ৰাছ কম্পাউণ্ড৷ যিয়ে মস্তিষ্কৰ টিউমাৰ হোৱাৰ আশংকা বঢ়াই তোলে৷ এটা কথা লক্ষ্য ৰাখিব, খাদ্যৰ লগত যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি খোৱাটো ভাল৷ যাতে শৰীৰে ভিটামিনৰ মাত্ৰা বেছি পায়৷
গৱেষণা মতে শৰীৰত চেনিৰ পৰিমাণ অত্যধিক হ’লে ইয়ে মস্তিষ্কৰ ওপৰত কুপ্ৰভাৱ পেলায়৷ আনহাতে ৰক্ত শৰ্কৰাৰ পৰিমাণ বাঢ়িলে আলঝেইমাৰ বেমাৰৰ কাৰণ হ’ব পাৰে৷ সেয়েহে কে’ক্‌, পেষ্ট্ৰি আদি অত্যধিক মিঠাজাতীয় খাদ্য খোৱাৰ ক্ষেত্ৰত খেয়াল ৰখাটো অতি জৰুৰী৷
অতিৰিক্ত মদ্যপান যে শৰীৰৰ কাৰণে ক্ষতিকাৰক, সেই কথা সকলোৰে বিদিত৷ লিভাৰৰ অসুখৰ পৰা ৰক্তচাপৰ সমস্যা আনকি দুৰাৰোগ্য কেঞ্চাৰলৈকে সকলোতে মদ্যপানে বিৰূপ প্ৰভাৱ পেলায়৷ মদত থকা ইথানলে মস্তিষ্কত কুপ্ৰভাৱ পেলায়৷ ইয়াৰ ফলত বিভিন্ন ধৰণৰ মানসিক সমস্যাই দেখা দিব পাৰে৷ মস্তিষ্কৰ কৰ্মক্ষমতা কমাত মাদক দ্ৰব্যই বিশেষ ভূমিকা লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here