শৰীৰৰ মেদ বৃদ্ধিৰ আঁৰৰ নতুন কাৰণ

0
13

শৰীৰৰ স্থুলতা তথা মেদ বৃদ্ধিৰ হোৱাৰ গুৰুত্বপূৰ্ণ কাৰণ হিচাপে নতুন তথ্য বিচাৰি পাইছে বিজ্ঞানীয়ে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি গোটেই বিশ্বতে ১৯৭৫ চনতকৈ বৰ্তমান স্থূলতাৰ হাৰ বা স্থুল মানুহৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে৷ এই সংখ্যা অস্বাভাৱিকভাৱে বাঢ়ি যোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে৷ দেহত চৰ্বি বা মেদ বাঢ়ি যোৱাৰ কাৰণ হিচাপে বহুতেই উচ্ছ ফেটযুক্ত খাদ্য, আৰামী জীৱনশৈলী, গধুৰ বা প্ৰক্ৰিয়াজাত খাদ্য খোৱা, জীৱনধাৰা আদি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে৷ এই সকলোবোৰে নিঃসন্দেহে শৰীৰত মেদ বৃদ্ধিত ডাঙৰ ভূমিকা গ্ৰহণ কৰে৷ কিন্তু বিশ্বজুৰি মানুহৰ শৰীৰত মেদ বা চৰ্বি বাঢ়ি যোৱাৰ মূল কাৰণ এতিয়াও অনিশ্চিত হৈয়েই আছে বিজ্ঞানীৰ মাজত৷ সম্প্ৰতি ইউনিভাৰছিটি অব বষ্টনৰ ড॰ বাৰবাৰা ই কৰ্কিয়ে এইবাৰ শৰীৰৰ মেদ বৃদ্ধি বিষয়ক নতুন তত্ত্ব আগবঢ়াইছে৷ যেতিয়া মানুহৰ খোৱাৰ ওপৰত মনোযোগ এৰাই চলা হয়, তেতিয়া গুৰুত্ব লাভ কৰে ইয়াৰ আৱাসস্থলৰ পৰিৱেশৰ ওপৰত৷ কৰ্কিয়ে কৈছে যে আমাৰ চাৰিওফালে থকা ওবেছোজেন নামৰ ৰাসায়নিক উপাদান শৰীৰৰ প্ৰাকৃতিক বিভিন্ন ছিষ্টেমক ব্যাহত কৰিব পাৰে৷আৰু এইবোৰ প্ৰাকৃতিক ছিষ্টেমে দেহৰ ক্ষুধা আৰু চৰ্বি জমা হোৱাৰ দৰে বিষয়কো নিয়ন্ত্ৰণ কৰে৷ পৰিৱেশৰ এইসকলোবোৰ ৰাসায়নিক উপাদানৰ পৰিসৰ বিগত ৫০ বছৰে আৰু জটিল হৈ উঠিছে বুলি বিজ্ঞান ভিত্তিক ছাইট নোৰিজৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে৷ এইবোৰ উপাদানে শৰীৰলৈ ভুল সংকেত পঠিয়াব পাৰে৷ যেনে– ভোক নালাগিলেও মানুহৰ ক্ষুধাৰ্ত অনুভৱ কৰাব পাৰে বা প্ৰয়োজনতকৈ দেহে বেছি চৰ্বি সঞ্চয় কৰাৰ বাবে প্ৰৰোচিত কৰাব পাৰে৷ যাৰ ফলত দেহৰ প্ৰাকৃতিক বিভিন্ন প্ৰক্ৰিয়াত বাধা দিয়াৰ উপৰি মানুহৰ ওজন বৃদ্ধিৰ স্বাভাৱিক ভাৰসাম্য নষ্ট কৰে এই ওবেছোজেন নামৰ ৰাসায়নিক উপাদানে৷ উল্লেখ্য যে আধুনিক বিশ্বৰ প্লাষ্টিক, ৰাসায়নিক সাৰ, কীটনাশক, বায়ু প্ৰদূষণ আনকি অতি প্ৰক্ৰিয়াজাত খাদ্য আদি উৎসৰ পাৰ এই ওবেছোজেন নামৰ ৰাসায়নিক উপাদানবিধ আহিব পাৰে৷ সেয়ে জীৱনযাত্ৰাৰ পৰিৱৰ্তন কৰিলেই মেদ কমোৱাত সহায়ক হ’ব লগতে সুষম আহাৰ গ্ৰহণ আৰু নিয়মিতভাৱে শৰীৰচৰ্চাৰ কৰাৰ অভ্যাস কৰিলে শৰীৰ সু্‌স্থ থকাৰ লগতে শৰীৰত মেদ জমা হোৱাৰ বাধাৰ সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here