Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksশৰীৰৰ ভিতৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখে এইবিধ মছলাইBy Health Plus - April 12, 2025021Facebook Twitter Pinterest WhatsApp অতি সুঘ্ৰাণ তথা বিভিন্ন গুণসম্পন্ন মছলা হ’ল ইলাচি৷ ইলাচিয়ে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ মছলা হিচাপে ইলাচিৰ ভূমিকা অপৰিসীম৷ শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ ৰখাত ইলাচিয়ে বিশেষভাৱে সহায় কৰে৷ যাৰ ফলত প্ৰখৰ গৰমতো শৰীৰ সতেজ তথা ঠাণ্ডা ৰাখে৷ আনহাতে ইলাচিয়ে শৰীৰৰ পৰা অতিৰিক্ত ঘাম ওলোৱা কমাই ৰাখে৷ যাৰ ফলত ডিহাইড্ৰেশ্যনৰ আশংকা কমি থাকে৷ ইয়াৰ উপৰি প্ৰাকৃতিকভাৱে শৰীৰক ডিটক্সিফাই কৰাত ইলাচিয়ে যথেষ্ট ভূমিকা আছে৷ ইয়াৰ ফলস্বৰূপে শৰীৰৰ পৰা টক্সিন বাহিৰ হোৱা প্ৰক্ৰিয়া সহজ হয়৷ শৰীৰৰ ফ্লুইড আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখি হাইড্ৰেশ্যনৰ মাত্ৰা সঠিক ৰখাত ইলাচিয়ে সহায় কৰে৷ ইলাচিত প্ৰদাহ বিৰোধী উপাদান পোৱা যায়, যাৰ বাবে প্ৰবল গৰমতো ছালৰ সমস্যা হ’লেও সহজে উপশম পোৱা যায়৷ ইলাচিৰ সুবাস আৰু এণ্টিবেক্টেৰিয়াল উপাদান থকা বাবে মুখৰ দুৰ্গন্ধ দূৰ কৰাত ইলাচি কাৰ্যকৰ৷ ইলাচি খালে শৰীৰৰ মেটাবলিজম বাঢ়ে৷ গৰমৰ দিনত শৰীৰৰ এলাৰ্জি বঢ়োৱাত ইলাচিয়ে সহায় কৰে৷