শৰীৰ সুস্থ-সবল তথা সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ নিয়মিতভাৱে শৰীৰচৰ্চা কৰা অতি আৱশ্যক৷ এই ক্ষেত্ৰত দৈনিক শৰীৰচৰ্চা কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ আজিকালি কৰ্মব্যস্ত মানুহৰ নিজৰ শৰীৰটোৰ যত্ন ল’বলৈ সময়ত অভাৱ৷ ঘৰুৱা কাম-কাজ তথা অফিচৰ কঠিন কৰ্মব্যস্ততাৰ বাবে দিনৰ সকলো সময়তে ব্যস্ত সূচীৰ মাজেৰে অতিবাহিত কৰে প্ৰায়ভাগ লোকেই৷ গতিকে নিজৰ স্বাস্থ্যৰক্ষাৰ বাবে অবহেলা কৰাটো স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰে৷ কিন্তু ইয়াৰ মাজতে দিনৰ যিকোনো এটা নিৰ্দিষ্ট সময় উলিয়াই শৰীৰচৰ্চা কৰাটো খুবেই জৰুৰী৷ কিয়নো শৰীৰ ভালে থাকিলেহে জীৱনৰ বাকী কাম কৰিবলৈ সক্ষম হৈ থাকিব৷ সেয়ে শৰীৰ ফিট কৰি ৰাখিবলৈ দিনটোৰ আধা ঘণ্টা সময়ৰ বাবেও যোগাসন কৰিব পাৰে৷ যোগাসন কৰিলে শৰীৰ সুস্থ হৈ থকাৰ লগতে নানা ৰোগ-ব্যাধিৰ পৰা শৰীৰটোক সুৰক্ষা প্ৰদান কৰিব পাৰে৷ শৰীৰ ফিট কৰি ৰাখিবলৈ সেয়ে নিয়মিতভাৱে বীৰাসন কৰাৰ অভ্যাস কৰক৷ ফ্ল্যাট ফিটৰ সমস্যা থাকিলে এই আসনটো নিয়মমতে কৰাৰ অভ্যাস কৰিব পাৰে৷ দুৰ্বল শৰীৰৰ বাবে বহুতেই নিজৰ অজান্তিতে সন্মুখলৈ পৰি যোৱাৰ দৰে কৰা, শৰীৰৰ ভংগী সদায় ফিট কৰি ৰখাৰ বাবে এই আসন কৰিব পাৰে৷ আনহাতে অফিচত দীৰ্ঘসময় বহি কাম কৰাৰ বাবে পিঠিৰ বিষ আৰম্ভ হোৱা আদি সমস্যা নিৰাময়ৰ বাবে এই আসন উত্তম৷ ইয়াৰ উপৰি হজম শক্তি উন্নত কৰি ৰাখিবলৈ এই আসন কৰিলে সুফল পোৱা যায়৷
কিদৰে কৰিব বীৰাসন ঃ- এই আসন সুখাসনৰ দৰে একেই৷ অৰ্থাৎ এই আসন কৰাৰ ভংগী সুখাসনৰ দৰে৷ বীৰাসন আসন কৰিবলৈ প্ৰথমে মানুহগৰাকী মাটিত এখন মেট পাৰি এখন ভৰিৰ ওপৰত আনখন ভৰি থৈ সুন্দৰভাৱে বহি লওক৷ তাৰ পাছত হাত দুখন মুদ্ৰাভংগীত ৰাখি দুই আঁঠুৰ ওপৰত ৰাখক৷ এতিয়া চকু দুটা মুদি লৈ মুখেৰে ঔম ধবনি উচ্ছাৰণ কৰিব পাৰে৷ এই অৱস্থাত আপোনাৰ মানুহগৰাকী সম্পূৰ্ণ পোন হৈ থাকক অৰ্থাৎ আপোনাৰ মেৰুদণ্ড পোন কৰি ৰাখক৷ ইয়াৰ লগতে শ্বাস-প্ৰশ্বাস স্বাভাৱিক ধৰণে গ্ৰহণ আৰু এৰি দিয়ক৷ এইদৰে পাঁচ মিনিটমান কৰাৰ পাছত কিছু সময়ৰ বাবে বহিয়েই জিৰণি লওক৷