আমাৰ শৰীৰটো ৭৫ শতাংশ পানীৰে গঠিত৷ শৰীৰৰ পৰা প্ৰতিদিনে প্ৰচুৰ পৰিমাণে পানী ঘাম, প্ৰস্ৰাৱ আদি মাধ্যমেৰে ওলাই যায়৷ এইটো এটা শাৰীৰিক প্ৰক্ৰিয়া৷ কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান বস্তু খোৱাৰ পাছতে যথেষ্ট পানীৰ পিয়াহ লাগে, অৰ্থাৎ শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ তৃষ্ণা দূৰ কৰিবলৈ আমি সঘনাই পানী খাব লগা হয়৷
তেন্তে কি বস্তু খালেনো আমাৰ শৰীৰত পানীৰ অভাৱ হয়, জানো আহক–
(১) নিমখ– যেতিয়া আপুনি খাদ্যৰ সৈতে নিমখ বেছিকৈ খায়, তেতিয়া ঘনাই ঘনাই পানীৰ পিয়াহ লাগে৷ নিমখত ছডিয়াম প্ৰচুৰ পৰিমাণে থাকে৷ ছডিয়ামে পানী বেছিকৈ শোষণ কৰে৷ এইধৰণৰ খাদ্য হজম কৰাৰ বাবে যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়৷ যদি আপুনি নিমখ বেছিকৈ খায়, ঘনে ঘনে পিয়াহ লগা সমস্যাটো দেখা দিয়াটো স্বাভাৱিক প্ৰক্ৰিয়া৷
(২) এলকহল– চাহ, কফিৰ দৰে অতিৰিক্ত মাত্ৰাত এলকহল সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ আচলতে অতিৰিক্ত মাত্ৰাত এলকহল সেৱন কৰিলে ব্যক্তি এজনে কেতিয়াবা বহুবাৰ বমি কৰে৷ যাৰ ফলত শৰীৰত পানীৰ নাটনি হ’ব পাৰে৷ আনহাতে অতিৰিক্ত মদ্যপান কৰাৰ ফলত এজন ব্যক্তিয়ে সঘনাই প্ৰস্ৰাৱ কৰাও পৰিলক্ষিত হয়৷ ফলত শৰীৰত পানীৰ অভাৱ হয় আৰু পানীৰ পিয়াহ লাগে৷
(৩) মিঠাইজাতীয় খাদ্য– অত্যধিক পৰিমাণে মিঠাই বা পানীয় খোৱাৰ ফলতো আপোনাৰ সঘনাই পিয়াহ লাগিব পাৰে৷ মিঠাই খোৱাৰ ফলত আমাৰ শৰীৰৰ ভিতৰত এটা এচিডিক স্তৰ প্ৰস্তুত হয়, যিয়ে দেহৰ এনজাইম ক্ৰিয়া নষ্ট কৰি দিয়ে৷ ইয়াৰ ফলত সঘনাই পানী খোৱাৰ প্ৰৱণতা বাঢ়ে৷ ইয়াৰ উপৰি ক’ল্ড ড্ৰিংকছো ডিহাইড্ৰেশ্যনৰ এটা ডাঙৰ কাৰণ৷
(৪) চাহ বা কফি– চাহ বা কফি অতিৰিক্ত পৰিমাণে সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে৷ তদুপৰি এইধৰণৰ পানীয় বেছি মাত্ৰাত সেৱন কৰিলে এজন ব্যক্তিৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে৷ অতিৰিক্তভাৱে প্ৰস্ৰাৱ কৰাৰ ফলত মানুহ এজনৰ শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ সেয়ে পানীৰ পিয়াহ লগাটো স্বাভাৱিক৷
(৫) উচ্ছ প্ৰ’টিনযুক্ত খাদ্য– উচ্ছ প্ৰ’টিন-সমৃদ্ধ খাদ্য গ্ৰহণেও খুব বেছিকৈ পিয়াহ লগাব পাৰে৷ সাধাৰণতে উচ্ছ প্ৰ’টিনযুক্ত খাদ্যবোৰ নাইট্ৰজেন সমৃদ্ধ৷ ফলত এইধৰণৰ খাদ্যবোৰ বহুতৰে ক্ষেত্ৰত বিপাক কৰাত আৰু বেছি পৰিমাণৰ পানীৰ আৱশ্যক হয়৷ সেয়ে পিয়াহ লাগে৷ এনে সময়ত আমি যদি পানী সেৱন নকৰোঁ, ডিহাইড্ৰেশ্যনৰ দৰে সমস্যাই দেখা দিব পাৰে৷