শৰীৰৰ ক্ষয়প্ৰাপ্ত গঠনৰ পৰিৱৰ্তন হ’বলৈ এই আসন

0
9

শৰীৰ ফিট ৰাখিবলৈ হাতত জিম যোৱাৰ সময় নাথাকে৷ কিন্তু সকলো চম্ভালাৰ মাজতে শাৰীৰিক ক্ষেত্ৰতো নজৰ দিয়াটো প্ৰধান কৰ্তব্য৷ সেয়ে কামৰ মাজতে আধা ঘণ্টা সময় উলিয়াই হ’লেও নিয়মিতভাৱে কিছু যোগাসন কৰিলে শাৰীৰিক স্বাস্থ্য অটুট থকাৰ লগতে মন-মগজুও শান্ত থাকে৷ সঠিক নিয়ম পালন কৰিলে যোগাসন কৰিলে সহজে সুফল পাবলৈ সক্ষম হ’ব৷ যোগাসনে আমাৰ তন-মন উৎফুল্ল কৰি ৰখাত সহায় কৰে৷ ঋষি-মুনিসকলৰ দিনৰে পৰা অতি পুৰণি এই যোগ সাধনাই সেই তাহানিৰ পৰাই গুৰুত্ব লাভ কৰি আহিছে একমাত্ৰ ইয়াৰ ভাবিব নোৱৰা উপকাৰিতাৰ বাবে৷ মন আৰু শৰীৰৰ যোগাত্মক ফলাফল তথা বিভিন্ন শাৰীৰিক অসুবিধা এই যোগব্যায়ামৰ দ্বাৰা নিৰ্মূল কৰা সম্ভৱ৷ আনহাতে শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ চিকিৎসকসকলে এই যোগ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে৷ শৰীৰৰ ক্ষয়প্ৰাপ্ত গঠনৰ
পৰিৱৰ্তন হ’বলৈ নিয়মিতভাৱে সূৰ্য নমস্কাৰ বা সূৰ্য প্ৰণাম কৰিব পাৰে৷ নিয়মিতভাৱে সূৰ্য প্ৰণাম কৰিলে মন শান্ত তথা মানসিক চাপ, উদ্বেগ-উদ্বিগ্নতা আদি কমি থাকে৷ মনৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে এই আসন কৰাৰ অভ্যাস কৰিব পাৰে৷ প্ৰতিদিনে পুৱা শুই উঠিয়েই সূৰ্য নমস্কাৰ কৰাৰ অভ্যাস যদি আপুনি কৰিব পাৰে, তেন্তে এই সমস্যাৰ পৰা আপুনি মুক্তি পাব পাৰে৷ নিয়মিতভাৱে পুৱা অথবা আবেলি সূৰ্যোদয় আৰু সূৰ্যাস্তৰৰ সময়ত এই আসন কৰিলে মন তথা শৰীৰ সুস্থ হৈ থকাত সহায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here