আপোনাৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়িছে নেকি অথবা আপোনাৰ তলপেটত চৰ্বি পূৰাদ্যমে জমা হৈছে নেকি? যাৰ কাৰণে যিকোনো ঘৰুৱা কাম অলপ কৰিলেই ভাগৰ লগা বা যিকোনো কাম কৰিবলৈ এলাহ ভাব অহা দেখা যায়৷ তেনে অৱস্থা হ’লে শুই বহিয়েই বা খাই-বৈয়ে সময় কটাবলৈ বিচাৰে৷ কিন্তু এনে জীৱনশৈলীয়ে আপোনাৰ জীৱনলৈ কি মাৰাত্মক বিপদ আনিব পাৰে, সেয়া হয়তো আপুনিও কল্পনাও কৰিব নোৱাৰে৷ শৰীৰৰ ওজন বৃদ্ধি মানে বুজিব বিভিন্ন জটিল ৰোগৰ বাহক হ’বলৈ গৈছে আপোনাৰ শৰীৰটো আৰু এনে সমস্যাক অৱহেলা বা আওকাণ কৰিলে বিপদ হোৱাটো নিশ্চিত৷ শৰীৰক সুস্থ আৰু সবল কৰি ৰাখিবলৈ ঘৰুৱা কাম-কামে নিঃসন্দেহে ইতিবাচক ভূমিকা গ্ৰহণ কৰে৷ ৰন্ধা-বঢ়া কৰা, বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ঘৰ মচা, ঘৰ পৰিষ্কাৰ কৰা, ঘৰ মচা আদি কামবোৰে মনত আনন্দ দিয়াৰ লগতে শাৰীৰিক ক্ষেত্ৰতো বেছ উপকাৰ সাধন কৰে৷ ঘৰ মচা বা ঘৰ সৰাৰ ফলত দেহৰ বিভিন্ন অংশৰ পেশী তথা অস্থিসন্ধিয়ে কাম কৰে৷ যাৰ ফলত শৰীৰৰ পেশী শক্ত তথা মজবুত হয়৷ ঘৰৰ কাম-বন কৰাৰ ফলত বেছি পৰিশ্ৰম হ’লে শৰীৰৰ পৰা খুব বেছি কেলৰি বাৰ্ন হয়৷ যেনে ধৰক ৫৬ দশমিক ৭ কেজি ওজনৰ এজন ব্যক্তিয়ে ৩০ মিনিট ৰন্ধা কাৰ্য কৰিলে মাত্ৰ ৭৫ কেলৰি বাৰ্ন হয়৷ ৰান্ধনী ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে মোটামুটি তেনে গধুৰ কাম কৰিলে অৱশ্যে ৩০ মিনিটত ১৮৭ কেলৰি বাৰ্ন হয়৷ আনহাতে ঘণ্টাত ৭ দশমিক ২৪ কিলোমিটাৰ খোজকঢ়া বা দৌৰিলে ৩০ মিনিটত যি কেলৰি বাৰ্ন হয়, সেই সংখ্যা তাতকৈও সামান্যহে বেছি৷ কাপোৰ ধোৱা বা ঘৰ মোচা আদিৰ দৰে গধুৰ কাম কৰিলে বেছি কেলৰি বাৰ্ন হয়৷ বাগিচাত কাম কৰাৰ ফলত অৱশ্যে কিছু পৰিমাণে কেলৰি বাৰ্ন হয়৷ ৫৬ দশমিক ৭ কেজি ওজনৰ এজন ব্যক্তিয়ে ৩০ মিনিট বাগিচাত কাম কৰিলে মাত্ৰ ১৩৫ কেলৰি বাৰ্ন হয়৷ ইয়াৰ উপৰি শৰীৰৰ ওজন কমাবলৈ আপুনি দৈনিক যিমান পৰিমাণৰ খাদ্য গ্ৰহণ কৰে, সেই পৰিমাণ কিছু কমাই দিয়ক৷ লাহে লাহে শৰীৰৰ ওজন কমিবলৈ আৰম্ভ কৰিব৷