শৰীৰত হৰমনৰ বেলেঞ্চ সঠিক ৰাখিবলৈ অনু্‌লোম-বিলোম কৰক

0
161

আজিকালি লাইফষ্টাইল তথা বেয়া খাদ্যাভ্যাস লগতে শৰীৰচৰ্চা বা ব্যায়ামৰ অভাৱত বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত বৃদ্ধ বয়সলৈকে শৰীৰ ফিট কৰি ৰাখিবলৈ যোগাসন খুবেই জৰুৰী হৈ পৰিছে৷ উল্লেখ্য যে শত শত বছৰ ধৰি ভাৰতত যোগৰ অনুশীলন কৰা হৈছে৷ যোগাসনৰ অভ্যাসে তথা অনুশীলনে স্বাস্থ্য তথা শৰীৰ উভয়ৰ বাবে উপকাৰী৷ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাৰ পৰা, পেটৰ সমস্যা, পেটৰ চৰ্বি জমা হোৱা, কঁকালৰ বিষ, গাঁঠিৰ বিষ, সন্তান জন্ম দিয়াৰ সক্ষমতা, শৰীৰৰ সকলো অংগৰে উপকাৰ সাধন কৰে যোগাসনে৷ শৰীৰৰ হৰমনৰ সন্তুলন ঠিক মাত্ৰাত ৰাখিবলৈ আপুনি নিয়মিতভাৱে অনুলোম-বিলোম কৰাৰ অভ্যাস কৰিব পাৰে৷ দৈনিক অনুলোম-বিলোম কৰাৰ ফলত মনৰ পৰা মানসিক চাপ, উদ্বেগ নাইকিয়া হোৱাৰ উপৰি মনৰ স্থিৰতা তথা মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰিব৷
কিদৰে কৰিব অনুলোম-বিলোম ঃ- এই আসন কৰিবলৈ একেবাৰে সহজ যদিও সঠিক পদ্ধতিৰে এই প্ৰাণায়াম কৰিলে ইয়াৰ ফলাফল হয়তো আপুনি ভাবিব নোৱাৰে৷ এই আসন কৰিবলৈ হ’লে প্ৰথমে মেট এখন পাৰি ভালদৰে বহি ল’ব৷ বতাহ চলাচল কৰা মুকলি ঠাই হ’লে বেছি ভাল৷ বহি লোৱাৰ সময়ত এখন ভৰি আনখনৰ ওপৰত তুলি দিব৷ এতিয়া হাতযোৰ কৰা ভংগীত হাত দুখন ৰাখিব আৰু মানুহজন সম্পূৰ্ণ পোন হৈ বহিব৷ ইয়াৰ পাছত চকু দুটা মুদি এখন হাতৰ বুঢ়া আঙুলিটোৰে নাকৰ এটা ফুটাত ভালদৰে উশাহ বন্ধ কৰি আনটো ফুটাৰে জোৰকৈ উশাহ টানিব আৰু উশাহ টনাৰ পাছত বন্ধ নাকৰ ফুটাটো খুলি দি সেই ফুটাটোৰে উশাহ এৰিব৷ এই সময়ত আনখন হাত আঁঠুত ধ্যানভংগীত ৰাখক৷এইদৰে দুয়োটা নাকৰ বিন্ধাৰে সমানে সমানে চাৰিবাৰ মান কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here