Beauty PlusFitness PlusHealth NaturallyHealth Talksশৰীৰত পটেচিয়ামৰ মাত্ৰা বাঢ়িলে কি কি সমস্যা হ’ব পাৰেBy Health Plus - April 25, 202504Facebook Twitter Pinterest WhatsApp শৰীৰত পটেচিয়ামৰ মাত্ৰা হঠাৎ বাঢ়ি গ’লে কি কি শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ পটেচিয়ামৰ মাত্ৰা স্বাভাৱিকতকৈ বাঢ়ি গ’লে আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই একেলগে দেখা দিব পাৰে৷ আমাৰ শৰীৰত যিকোনো উপকৰণ, ভিটামিন তথা মিনাৰেলৰ অভাৱ হোৱা ভাল নহয়, একেদৰে কিছু উপাদানৰ মাত্ৰা আধিক্যই স্বাস্থ্যৰ পক্ষে সাংঘাতিক ক্ষতিকাৰক হ’ব পাৰে৷ তেনে এক উদাহৰণ হ’ল পটেচিয়াম৷ এই মিনাৰেলছ বা খনিজ উপকৰণৰ গুৰুত্ব অপৰিসীম৷ আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ, পেশী তথা ফ্লুইড এই তিনি বিষয়ত নজৰ ৰাখে পটেচিয়ামে৷ সেয়ে এই উপাদানবিধৰ অভাৱ তথা শৰীৰত ইয়াৰ মাত্ৰা বৃদ্ধি উভয়েই স্নায়ুতন্ত্ৰ, পেশী আৰু ফ্লুইডৰ সামঞ্জস্যৰ ওপৰত প্ৰভাৱ পেলায়৷ শৰীৰত পটেচিয়ামৰ পৰিমাণ বঢ়াৰ ফলত এইধৰণৰ সমস্যা হ’ব পাৰে৷শৰীৰত পটেচিয়ামৰ মাত্ৰা বাঢ়ি হ’লে পেশীৰ সমস্যা হ’ব পাৰে৷ পেশী দুৰ্বল হৈ যা পাৰে৷ যাৰ ফলত হাত-ভৰিৰ জোৰ কমি যাব পাৰে৷ হাত-ভৰি অৱসন্ন, অসাৰ হৈ পৰিব পাৰে৷ ইয়াৰ উপৰি পেশীৰ অকস্মাৎ টানি ধৰাৰ দৰে বা হাত-ভৰি ইলেকট্ৰিক শ্বক লগাৰ দৰে জিনজিনোৱা আদিবোৰ সমস্যাই দেখা দিব পাৰে৷শৰীৰত পটেচিয়ামৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত স্নায়ুতন্ত্ৰৰ গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ পক্ষাঘাত বা পেৰালাইছিছপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷গোটেই দিনটো গা বেয়া লগা, বমি বমি ভাব হোৱা আদি অনুভৱ হ’ব পাৰে শৰীৰত পটেচিয়ামৰ মাত্ৰা বৃদ্ধিৰ ফলত৷ খাদ্য খাবলৈ অনীহা প্ৰকাশ, ভোক নলগা, বা খাদ্য খালেই বমি বমি ভাব অহা, শৰীৰত সাংঘাতিক অস্বস্তিৰ ভাব অনুভৱ হ’ব পাৰে৷স্বাভাৱিতকৈ শৰীৰত পটেচিয়ামৰ মাত্ৰা বাঢ়ি অকস্মাতে শ্বাসকষ্টত অসুবিধা পাব পাৰে৷পটেচিয়ামৰ আধিক্যই হৃদযন্ত্ৰত প্ৰভাৱ পেলাব পাৰে৷ হঠাতে হূদম্পন্দন বা হাৰ্টবিট বাঢ়ি যাব পাৰে৷ বুকুৰ বিষ অনুভৱ হ’ব পাৰে৷শৰীৰত পটেচিয়ামৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত গোটেই দিনটো ভাগৰুৱা, ক্লান্তি অনুভৱ কৰিব পাৰে৷ পৰ্যাপ্ত টোপনি মৰাৰ পাছতো অৱসন্ন ভাব হৈ থাকিব পাৰে৷ সেয়ে এইধৰণৰ সমস্যাই দেখা দিলে চিকিৎসকৰ কাষ চপা উচিত৷