শৰীৰত কোনো নেতিবাচক চাপ নপৰিবলৈ বজ্ৰাসন কৰক

0
21

নিয়মিতভাৱে এটা সহজ ব্যায়াম তথা যোগাসনৰ অনুশীলনে সলনি কৰি দিব পাৰে আপোনাৰ জীৱন৷ সুস্থ তথা সুন্দৰ জীৱনৰ কাৰণে পুৱা টোপনিৰ পৰা উঠিয়েই নিয়মিতভাৱে এটা সহজ যোগাসনৰ অনুশীলন কৰিব পাৰে৷ যোগে কেৱল শাৰীৰিক সৌন্দৰ্যই নিশ্চিত নকৰে, ইয়াৰ লগতে আপুনি নিশ্চিত হ’ব পাৰে মানসিক স্বাস্থ্যৰো উন্নতি৷ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই নিয়মিতভাৱে কৰিবলগা অন্যতম যোগ হ’ল বজ্ৰাসন৷ আপুনি বজ্ৰাসন কৰাৰ অভ্যাস কৰিলে শৰীৰত কোনো নেতিবাচক চাপ নপৰে৷ তেজৰ সঞ্চালন উন্নত কৰিবলৈ বজ্ৰাসন কৰাৰ অভ্যাস কৰিব পাৰে৷ ইয়াৰ লগতে ছালৰ উজ্জ্বলতা তথা চুলিৰ স্বাস্থ্য উন্নত তথা চুলি সৰা, চুলি পকা আদি সমস্যাৰ পৰাও সকাহ পাব পাৰে৷ অনিদ্ৰাৰ সমস্যাৰ পৰা মুুক্তি, জইণ্টৰ বিষ, কঁকালৰ বিষ, ভৰিৰ অসাৰতা, হজম শক্তি উন্নত হোৱা, মনৰ প্ৰশান্তি বঢ়োৱা, আথ্ৰাইটিছ হোৱাৰ আশংকা কমি যোৱা, শৰীৰলৈ অক্সিজেনৰ সৰবৰাহ উন্নত হোৱা আদি সকলো কাম বজ্ৰাসন কৰিবলৈ সুফল পোৱা যায়৷
কিদৰে কৰিব বজ্ৰাসন ঃ- এই আসন কৰিবলৈ সিমান কঠিন নহয়৷ প্ৰথমে মানুহগৰাকী মেটত বহি লওক৷ ভৰি দুখন কোঁচাই লৈ তাৰ ওপৰত নিতম্ব ৰাখক আৰু বহি লওক৷ হাত দুখনেৰে আঁঠু বা উৰু স্পৰ্শ কৰি কঁকালৰ ওপৰৰ অংশ সম্পূৰ্ণ পোন কৰি স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস লওক৷ ইয়াৰ পাছত মূৰটো পিছফাললৈ হাউলি কৰি হাত দুখনেৰে গোৰোহাত ভালদৰে ধৰি যিমান পাৰে পিছফালৰ মাটিত মূৰটো স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ এই অৱস্থাত আপোনাৰ মূৰ আৰু ভৰিৰ আঙুলি স্পৰ্শ কৰা যেন অনুমান হ’ব৷ কিছুসময় ৰৈ পাছত মূৰটো ওপৰলৈ তুলি আনক আৰু আগৰ অৱস্থালৈ ঘূৰি আহক৷ বজ্ৰাসন কৰি উঠি শবাসন কৰিবলৈ নাপাহৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here