শৰীৰত কি গ্ৰুপৰ তেজ থাকিলে গৰম বেছি অনুভৱ হয়

0
6

আপোনাৰ অত্যধিক গৰম অনুভৱ হয় নেকি? অথচ আপোনাৰ ওচৰত থকা মানুহজনৰ গৰম কমকৈ লাগে৷ অৰ্থাৎ একেটা কোঠাতে আপুনি গৰমত থাকিব নোৱাৰি ফেন চলোৱাৰ সময়ত আপোনাৰ লগৰজনে আকৌ ফেনৰ ঠাণ্ডা ল’বলৈ অস্বীকাৰ কৰে৷ যাৰ বাবে তেওঁ ফেনখন বন্ধ কৰিবলৈ অনুৰোধ জনায় বা সেই ঠাই ত্যাগ কৰে৷ উষ্ণতাবোধৰ এই তাৰতম্যৰ নেপথ্যত বিভিন্ন কাৰণ থাকিব পাৰে৷ এই কাৰণসমূহৰ ভিতৰত তেজৰ গ্ৰুপৰ ভিন্নতাও কাৰণ হ’ব পাৰে৷ চিকিৎসকে দাবী কৰিছে যে তেজৰ গ্ৰুপভেদে শৰীৰৰ তাপ প্ৰতিৰোধৰ মাত্ৰা বিভিন্ন হয়৷ কোনবিধ তেজৰ গ্ৰুপৰ ক্ষেত্ৰত বেছি গৰম বোধ হয়– এই সন্দৰ্ভত গৱেষকে জনোৱা অনুসৰি যিসকলৰ তেজৰ গ্ৰুপ ও, তেওঁলোকৰ শৰীৰত এড্ৰিনালিনৰ মাত্ৰা তুলনামূলকভাৱে বেছি থাকে৷ মানসিক চাপ বা শাৰীৰিক পৰিশ্ৰমৰ সময়ত হূৎস্পন্দন আৰু শৰীৰৰ তাপমাত্ৰা বঢ়াই দিব পাৰে৷ আনহাতে তেওঁলোকৰ শৰীৰে তুলনামূলকভাৱে বেছি তাপ উৎপন্ন কৰিব পাৰে৷ আনফালে যিসকলৰ তেজৰ গ্ৰুপ এবি বা বি, তেওঁলোকৰ তেজৰ সঞ্চালন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ভিন্নতাৰ কাৰণে গৰম সহ্য কৰাৰ ক্ষমতা বেছি হ’ব পাৰে৷ চিকিৎসকে অৱশে¸্য এইবুলিও কৈছে যে এই দাবী এতিয়াও নিশ্চিত নহয় বা বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here