তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি গ’লে ধমনীত ব্লকেজৰ সৃষ্টি হয়৷ যাৰ ফলত তেজ হাৰ্টলৈ সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিব পাৰে৷ ফলস্বৰূপে হাৰ্টৰ আকাৰ বাঢ়ি গৈ পাছলৈ গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ হাই কলেষ্টৰেল স্বাস্থ্যৰ শক্ৰ হিচাপে বিবেচিত হয়৷ শৰীৰত কলেষ্টৰেল মাত্ৰা বাঢ়ি যোৱাৰ ফলত হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, ট্ৰিপল ভেছেল ডিজিজেজ, কৰোনাৰি আৰ্টাৰী ডিজিজ আদি মাৰাত্মক ৰোগে দেখা দিব পাৰে৷ অৱশ্যে সকলো কলেষ্টৰেল বেয়া নহয়৷ কিছু ভাল কলেষ্টৰেলো আছে৷ কিন্তু শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বাঢ়িলে সাৱধান হোৱাটো অতি দৰকাৰী৷ যেতিয়া তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া উৰু, নিতম্ব বা কাফ পেশীত তীব্ৰ ব্যথা হ’ব পাৰে৷ কলেষ্টৰেল মাত্ৰা বৃদ্ধিয়ে ধমনীত ব্লকেজৰ সৃষ্টি হোৱাৰ বাবে অকল হাৰ্টেই নহয়, শৰীৰৰ বাকী অংশতো তেজৰ চলাচলত সমস্যাই দেখা দিয়ে৷ বিশেষকৈ ভৰিৰ তেজৰ চলাচলত অসুবিধাৰ সৃষ্টি হয়৷ ফলত এই অংগবোৰত অক্সিজেনৰ চলাচলত ব্যাঘাত জন্মে৷ এইধৰণৰ সমস্যাক পেৰিফেৰাল আৰ্টাৰি ডিজিজ হোৱা হয়৷ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি হ’লে কিধৰণৰ লক্ষণে দেখা দিব পাৰে৷ ভৰিৰ প্ৰচণ্ড বিষ, ভৰিৰ দুৰ্বলতা, অসাৰতা, অনৱৰতে ভৰি ঠাণ্ডা অনুভৱ কৰা, ভৰিৰ নখৰ ৰং হালধীয়া হোৱা, ভৰিৰ আঙুলি ফুলি যোৱা, ভৰিৰ ছালৰ ৰঙৰ পৰিৱৰ্তন৷ এইধৰণৰ শৰীৰত দেখা দিয়াৰ লগে লগে আপুনি এজন বিশেষজ্ঞ চিকিৎসকৰ ওচৰ চপা উচিত৷