শৰীৰচৰ্চা আথবা ডায়েট কৰিও শৰীৰৰ মেদ কমাব পৰা নাই৷ তেনেহ’লে তিঁয়হৰ দ্বাৰা প্ৰস্তুত কৰা এই পানীয়বিধ দৈনিক সৈৱন কৰক, আচৰিত লাভ পাব৷ তিঁয়হে অকল শৰীৰৰ বাবে প্ৰয়োজনীয় পানীৰ নাটনিয়েই পূৰণ নকৰে, ইয়াৰ লগতে শৰীৰৰ অতিৰিক্ত মেদ কমোৱাতো অৰিহণা যোগায়৷ সাধাৰণতে কেঁচা বা তৰকাৰী হিচাপে তিঁয়হ খোৱা হয় যদিও শৰীৰৰ মেদ কমোৱাত ইয়াৰ কিদৰে গ্ৰহণ কৰিব সেই পদ্ধতিৰ বিষয়ে জানো আহক৷
গৰমৰ দিনকেইটাত পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিলেও পিয়াহ নুগুচে৷ ইয়াৰ উপৰি ঘামৰ সৈতে শৰীৰৰ পৰা বিভিন্ন ধৰণৰ খনিজ বাহিৰ হৈ যায়৷ যাৰ ফলত সহজে ভাগৰুৱা বা ক্লান্তি অনুভৱ হয়৷ সেয়ে পুষ্টিবিদৰ মতে পানীৰ সৈতে এনে ফল খোৱা ভাল, যিবোৰত পানীৰ পৰিমাণ বেছি থাকে৷ সেইবোৰৰ ভিতৰত তিঁয়হ অন্যতম৷ তিঁয়হৰ পানীত কেলৰি অত্যন্ত কম থাকে৷ সেয়ে কৃত্ৰিম বা আন ফলৰ ৰসতকৈ তিঁয়হৰ পানী উত্তম বুলি ধৰা হয়৷ আনহাতে তিঁয়হ তিওৱা পানীত ভিটামিন-কে, ভিটামিন-চি পোৱা যায়, যি সামগ্ৰিকভাৱে শৰীৰৰ বাবে আৱশ্যক৷ এই পানীয়ত হজম শক্তি উন্নত কৰে৷ এই পানীয়ত পটাচিয়াম, এণ্টিঅক্সিডেণ্ট তথা বিটা কেৰ’টিন থাকে৷ তিঁয়হত কিউকাৰবিটাচিন নামৰ এবিধ বিশেষ প্ৰদাহনাশক থাকে৷ এই সকলোবোৰ উপদান সমৃদ্ধ তিঁয়হ স্বাস্থ্যৰ বাবে উপকাৰী৷ শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰাত তিঁয়হৰ এই পানীয়ই বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে কিদৰে এই পানীয় প্ৰস্তুত কৰিব৷ প্ৰথমে এটা সতেজ তিঁয়হ টুকুৰা টুকুৰকৈ কাটি লওক৷ তাৰ পাছত এটা কাচৰ বটলত আধাতকৈ বেছি বিশুদ্ধ পানী লৈ তাত কেইটুকুৰামান তিঁয়হ তিয়াই দিয়ক৷ এতিয়া ইয়াৰ এটা নেমুৰ সৰু টুকুৰা, পদিনাৰ পাত দুটামান পানীত তিয়াই ৰাখক৷ খোৱাৰ আগতে অন্ততঃ ১-২ ঘণ্টা বটলটো ফ্ৰীজত থৈ দিব৷ গোটেই দিনটো এই পানীয় অলপ অলপকৈ সেৱন কৰিব পাৰে৷ এই পানীৰ সোৱাদ বঢ়াবলৈ ডালচেনি, আদা আদি দিব পাৰে৷ এই পানীয় এসপ্তাহ সেৱন কৰিলে ইয়াৰ সুফল লাভ কৰিব৷