শোৱাৰ সময়ত ভৰিৰ তলুৱাত পিঁয়াজ লওক

0
1836

পিঁয়াজ হৈছে আমাৰ ৰন্ধন প্ৰণালীত বহুলভাৱে ব্যৱহৃত এবিধ মছলা৷ পিঁয়াজ নহ’লে যেন ৰন্ধন প্ৰক্ৰিয়াই প্ৰায় শূন্য৷ এইবিধ উপাদান অবিহনে কোনো ব্যঞ্জনৰে তৃপ্তিভৰা সোৱাদ পোৱা নাযায়৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ৰাতি শোৱাৰ সময়ত ভৰিৰ তলুৱাত পিঁয়াজ ৰাখি শুলে,ইয়াৰ পৰা লাভ কৰিব পাৰে কিছু চমৎকাৰী গুণ৷

(১) চৰ্দি, কাহ হ’লে ৰাতি শোৱাৰ সময়ত এডোখৰ পিঁয়াজ কাটি লৈ ভৰিৰ তলুৱাত লওক৷ তেনে কৰাৰ ফলত চৰ্দি ভাল হয়৷ পিঁয়াজত থকা উপাদানে শৰীৰত তৎক্ষণাৎ ক্ৰিয়া কৰি শৰীৰৰ বীজাণু নাশ কৰাত আগভাগ লয়৷
(২) পিঁয়াজ এবিধ প্ৰাকৃতিক এণ্টিবায়’টিক৷ শোৱাৰ সময়ত ভৰিৰ তলত পিঁয়াজ ৰাখিলে শৰীৰৰ যিকোনো অংশত হোৱা ইন্‌ফেকশ্যনৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে৷ যদিও চিকিৎসকে প্ৰেছক্ৰাইব কৰা এণ্টিবায়’টিকৰ তুলনাত এই বিধান সমকক্ষ নহয়, তথাপি এনে বিধানৰ দ্বাৰা সোনকালে সুস্থ কৰাত সহায়ক হয়৷
(৩) পিঁয়াজত থকা ফছফৰিক এচিডে তেজত থকা বৰ্জনীয় পদাৰ্থ টক্সিন শৰীৰৰ পৰা নিষ্কাশনত সহায় কৰে৷
(৪) যিহেতু পিঁয়াজত নব্বৈ শতাংশ পানী থাকে, গতিকে শৰীৰৰ পানীৰ পৰিমাণ কমিলে ভৰিৰ তলুৱাত ৰখা পিঁয়াজে প্ৰয়োজনীয় পানীখিনি যোগান ধৰিব পাৰে৷
(৫) পিঁয়াজত প্ৰচুৰ পৰিমাণে ভিটামিন-ই আৰু ভিটামিন-চি থাকে, যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৱশ্যক৷ ইয়াৰ উপৰি কোনো চিকিৎসকৰ ওচৰ নচপাকৈয়ে বা কোনোধৰণৰ ৰাসায়নিক মিশ্ৰিত প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে ভৰিৰ তলুৱাত ৰখা পিঁয়াজে বয়সৰ চাপ দূৰ কৰাত সহায় কৰিব পাৰে৷
(৬) আপুনি যদি অত্যধিক ধূমপান কৰে বা অত্যধিক প্ৰদূষিত ঠাইত বাস কৰে, তেন্তে ভৰিৰ তলুৱাত পিঁয়াজ ৰাখি শোৱক৷ ইয়ে আপোনাৰ হাঁওফাঁও সুৰক্ষিত ৰখাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here