শোৱাৰ সময়ত এফোটা নহৰু গাৰুৰ তলত লৈছেনে?

0
1437
টোপনি অহাত দেৰি হোৱা, গোটেই নিশা উজাগৰে পাৰ কৰা বা কেতিয়াবা ঘনাই ঘনাই টোপনিৰ পৰা সাৰ পোৱা আদি আমাৰ নানাধৰণৰ ক্ৰিয়া সংঘটিত হয়৷ ফলস্বৰূপে গোটেই দিনটো অলস লগা, কামত মন নবহা, টোপনিৰ ভাব চকুত লাগি থকা আদি হয়৷ ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বিভিন্ন উপায় অৱলম্বন কৰিলেও ফলৱতী হোৱা দেখা নাযায়৷ সেয়েহে এই সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ শোৱাৰ সময়ত এফোটা নহৰু গাৰুৰ তলত ৰাখক৷ অচিৰেই পাব এই সমস্যাৰ পৰা পৰিত্ৰাণ৷
Put Garlic Under Your Pillow 1 Night, See If It Works for You - YouTube

নহৰু হৈছে এণ্টিবায়’টিক গুণেৰে সমৃদ্ধ৷ Allicin নামৰ একধৰণৰ এণ্টিবায়’টিক উপাদান নহৰুত পোৱা যায়৷ শোৱাৰ সময়ত ইয়াৰ গোন্ধ নাকত লাগিলে জীৱাণু নোহোৱা হয়৷ বহুতৰে ক্ষেত্ৰত শোৱাৰ সময়ত নাক বন্ধ হৈ শ্বাস-প্ৰশ্বাস লোৱাত কষ্টৰ সন্মুখীন হয়৷ নাক বন্ধ, নাকৰ শব্দ, সঘনাই টোপনি ভঙা আদি সমস্যাৰ মূল কাৰণ এইবোৰেই৷ আনহাতে নহৰুত ভিটামিন-B1 আৰু ভিটামিন-B6 থাকে৷ ইয়ে মেলাটনিন হৰমনৰ ক্ষৰণ বেছি কৰে৷ ফলত আমাৰ স্নায়ু শান্ত হৈ থাকে৷ এইদৰে টোপনি মৰাৰ আগতে গাৰুৰ তলত নহৰু ৰাখিলে উপকাৰ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here