শোৱাৰ সময়ত আপোনাৰ নাকৰ শব্দ হয় নেকি?

0
2493

কিছুমান মানুহৰ টোপনিত নাকৰ পৰা শব্দ ওলোৱা শুনা যায়৷ নাক বজাৰ অভ্যাসে বহুতকে বহু সময়ত সমস্যাত পেলায়, লগতে কাষত শোৱাজনেও অস্বস্তিত ভোগে৷ কিন্তু নাকৰ শব্দ বা নাক বজাৰ কাৰণ আপুনি জানেনে? সাধাৰণতে গভীৰ টোপনিত মানুহৰ শ্বাস-প্ৰশ্বাস গভীৰ হয়৷ বহু সময়ত এনে টোপনিত কোনো কোনো মানুহৰ জিভাখন ডিঙিৰ ভিতৰলৈ সোমাই শ্বাসনলী সংকুচিত হয়৷ ফলত বতাহ চলাচলত অসুবিধাৰ সৃষ্টি হয়৷ এনে অৱস্থাত বায়ু সোমাবলৈ বাধা পোৱাত বায়ুৰ বেগ বাঢ়ি যায়৷ ইয়াৰ ফলত তালুৰ পিছফালে থকা কোমল তালুখনত বায়ুৰ চাপৰ কম্পনৰ সৃষ্টি হয় আৰু তেতিয়াই নাকৰ পৰা শব্দ ওলায়৷ সাধাৰণতে ৪০-৪৫ বছৰৰ লোকে এনে সমস্যাত ভোগে৷ শকত মানুহৰ ক্ষেত্ৰত এই সমস্যা অধিক হয়৷ এনে ব্যক্তিৰ ডিঙিৰ চাৰিওফালে অতিৰিক্ত চৰ্বি জমা হৈ শ্বাসনলী সংকুচিত কৰি পেলায়৷ ফলত উশাহ-নিশাহত ব্যাঘাত জন্মে আৰু নাকৰ পৰা শব্দ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here