শোৱাৰ আগতে চকুৰ তলত নাৰিকল তেলেৰে মালিচ কৰক

0
56

চুলিৰ যত্নত নাৰিকল তেলৰ বিকল্প আন নাই বুলিয়েই ভবা হয়৷ চুলি দীঘল হোৱা তথা চুলি মজবুত কৰি ৰাখিবলৈ নাৰিকল তেল যথেষ্ট কাৰ্যকৰী৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে চুলিৰ পৰিচৰ্যাৰ উপৰি নাৰিকল তেল ৰূপচৰ্চাৰ ক্ষেত্ৰতো এবিধ কাৰ্যকৰী উপকৰণ হিচাপে কাম কৰে৷ ছালৰ পৰিচৰ্যা তথা যত্নত নাৰিকল তেল ব্যৱহাৰ কৰা হয়৷ মুখৰ মেকআপ গুচোৱাৰ ক্ষেত্ৰতো নাৰিকল তেল ব্যৱহাৰ কৰা দেখা যায়৷ ছালৰ যত্নত বিভিন্ন ধৰণে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি৷ ৰাতি শোৱাৰ আগতে চকুৰ তলত নাৰিকল তেলেৰে মালিচ কৰিলে কিধৰণৰ সুফল লাভ কৰিব পাৰি জানো আহক৷
চকুৰ তলৰ অংশ ফুলি থকাৰ ভাব বিভিন্ন কাৰণত হ’ব পাৰে৷ কম টোপনি মৰা, দীৰ্ঘসময়ত মোবাইল ব্যস্ত থকা অথবা বয়সজনিত কাৰণতো চকুৰ তল অংশ ফুটি থাকিব পাৰে৷ কাৰো ক্ষেত্ৰত অৱশ্যে এই ফোলা ভাব বংশগতও হয়৷ ইয়াৰ কাৰণ যিয়েই নহওক কিয় চকুৰ তলত ফুলা ভাব নাইকিয়া কৰিবলৈ চকুৰ তলত নাৰিকল তেলেৰে মালিচ কৰিব পাৰে৷ বিভিন্ন কাৰণত মুখত কম বয়সতে বলিৰেখাৰ সমস্যাই দেখা দিয়ে৷ বিভিন্ন দামী কোম্পানীৰ প্ৰসাধন ব্যৱহাৰ কৰিও বলিৰেখাৰ পৰা হাত সাৰিব নোৱাৰি৷ কিন্তু ঘৰত সহজে পোৱা নাৰিকল তেলে কম বয়সতে মুখত পৰা বলিৰেখাৰ পৰা সকাহ দিব পাৰে৷ নাৰিকল তেলৰ থকা ফেটি এচিডে ছালৰ টানটান ভাব ৰক্ষা কৰি ছালৰ ৰুক্ষ তথা শুষ্কতা নিবাৰণ কৰিব পাৰে৷ ৰাছ, ছালৰ খজুৱতি, ছাল ৰঙা পৰা আদি প্ৰায় ক্ষেত্ৰতে ছালখনত এইধৰণৰ সমস্যাই দেখা দিয়ে৷ নাৰিকল তেল ছালত লগালে এইবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ ছালত নাৰিকল তেল লগালে ছালখন নৰম তথা মসৃণ ৰখাত সহায় কৰে৷ কোলাজেন হ’ল ছালখনৰ পুষ্টি৷ নাৰিকল তেলে কোলাজেন উৎপন্ন কৰাত সহায় কৰে৷ কোলাজেনে ছালৰ টানটান ভাব অটুট ৰখাৰ লগতে ছালখন মসৃণ কৰি ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here