পৃথিৱীৰ এনে এখন দেশ, য’ত বছৰৰ প্ৰায়ভাগ সময়েই দেশৰ ৮০ শতাংশ সম্পূৰ্ণ বৰফেৰে আবৃত হৈ থাকে৷ শুভ্ৰ বৰফত চাদৰৰ তলত লুকাই থাকে দেশখন৷ ক’তো মাটি অথবা গছ-গছনি দেখা নাযায় প্ৰায়ভাগ সময়েই৷ বিগত বছৰত এই ৰূপ দেখা পালে ইয়াৰ স্থানীয় বাসিন্দাই৷ ১৯৭৫ চনৰ পাছত বিগত বছৰত এই দেশখনত প্ৰথম এই ভয়ংকৰ তুষাৰপাত দেখা যায়৷ এই সময়ত দেশৰ ৯০ শতাংশ অঞ্চলেই এশ চেণ্টিমিটাৰ সম্পূৰ্ণ বৰফৰ চাদৰৰ তলত লুকাই যায়৷ যাৰ কাৰণে সৰ্বসাধাৰণৰ জীৱন তথা জীৱিকাত ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰে৷ মানুহল লগতে ইয়াত থকা জীৱজগতৰো ব্যাপক ক্ষতি হয় সেই সময়ত৷ এই বিশেষ দেশখন হ’ল মংগোলিয়া৷ এই মংগোলিয়া এবছৰ ধৰি বৰফৰ তলত৷ এতিয়াও মংগোলিয়াৰ ৮০ শতাংশ অঞ্চলেই বৰফৰ মাজত সোমাই আছে৷ ইয়াৰ ফলত মংগোলিয়াৰ বাসিন্দাৰ অস্বভাৱিকভাৱে পৰা ঠাণ্ডাৰ বাবে জীৱ-জন্তু প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছে৷ এই অঞ্চলত ঠাণ্ডাৰ ৰেকৰ্ড ভাঙি নতুন অভিলেখ গঢ়িছে৷ মংগোলিয়াত এইদৰে পৰা অস্বাভাৱিকভাৱে পৰা ঠাণ্ডা তথা বৰফৰ কাৰণ হিচাপে চাইবেৰিয়াৰ উচ্চ চাপে এই ক্ষেত্ৰত প্ৰভাৱ পেলাইছে বুলি বিজ্ঞানীয়ে সদৰী কৰিছে৷