শুনিবলৈ আচৰিত : জোতা নিপিন্ধে এখন গাঁৱৰ গাঁওবাসীয়ে

0
294


ভাৰতবৰ্ষত নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চল বেছি পৰিমাণে আছে আৰু এই গ্ৰামাঞ্চলতে মূলতঃ দেশবাসীৰ বাবে প্ৰয়োজনীয় ধান, ঘেঁহুৰে ধৰি খাদ্য সামগ্ৰী উৎপন্ন হয়৷ গাঁৱৰ কৃষকে হাড় ভগা পৰিশ্ৰম কৰি দেশবাসীৰ বাবে প্ৰয়োজনীয় খাদ্যবস্তু উৎপাদন কৰে৷ বিভিন্ন ৰাজ্যৰ গাঁওবাসীৰ আচাৰ, বিচাৰ, নীতি-নিয়ম সুকীয়াৰ লগতে গ্ৰামাঞ্চলৰ বাসিন্দাসকলে অঞ্চলভেদে বসবাসৰ ধৰণ বেলেগ৷ এই ভাৰতবৰ্ষতে এনে এখন গাঁও আছে, ইয়াৰ বিভিন্ন দিশবোৰ দেখিলে অবাক হৈ উঠিব৷ এই গাঁওখনৰ নীতি-নিয়ম শুনিলে আচৰিত নহৈ নাথাকিব৷ উক্ত গাঁওখনৰ এটা বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ বাসিন্দাসকলে জোতা নিপিন্ধে৷ সৰু ল’ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে কোনেও জীৱনত কেতিয়াও জোতা পিন্ধি পোৱা নাই৷ জোতা পিন্ধাৰ আমেজ অথবা ইয়াৰ ব্যৱহাৰ বিষয়ে ইয়াৰ বাসিন্দাসকলে নাজানে৷ ইয়াৰ লোকসকলে প্ৰয়োজনত মাইল মাইল ধৰি খালী ভৰিৰে খোজ কাঢ়ি যাতায়াত কৰে৷ ইয়াৰ গূঢ়াৰ্থ বিচাৰি জানিব পৰা গ’ল যে গাঁওখনৰ প্ৰতিষ্ঠিত দেৱতা ভেংকটশ্বৰ স্বামী৷ এই দেৱতাক সন্মান জনাইয়েই গাঁওবাসীয়ে ভৰিত জোতা নিপিন্ধি৷ আনকি বাহিৰৰ কোনো লোক এই গাঁওখনলৈ আহিলেও গাঁৱত প্ৰৱেশ কৰাৰ আগতে জোতা সোলকাই আহিব পাৰিব৷ জোতাৰে ইয়াৰ প্ৰৱেশ নিষেধ৷ গাঁওখনৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াৰ বাসিন্দাসকলে ক’ৰবালৈ গ’লে গা ধুইহে ঘৰ সোমাব পাৰিব৷ বাহিৰৰ পৰা আহি গা নোধোৱাকৈ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে৷ এই ব্যতিক্ৰমী গাঁওখন অন্ধ্ৰ প্ৰদেশত অৱস্থিত৷ এই গাঁওখনৰ নাম ভেমানা ইন্দলু৷ তিৰুপতিৰ পৰা ৫০ কিলোমিটাৰ দূৰত এই বিশেষ গাঁওখন একবিংশ শতাব্দীতো কাৰ্যত নিজৰ বাহিৰে আন জগত পৰা সম্পূৰ্ণ পৃথক৷ গাঁওবাসীয়ে এতিয়াও বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষে যি শিকাই গৈছে, সেই পৰম্পৰা মানি চলা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here