শুনিবলৈ আচহুৱা, কিন্তুশোৱাৰো হয় প্ৰতিযোগিতা

0
592


ইউৰোপত বিভিন্ন ধৰণৰ বিচিত্ৰ প্ৰতিযোগিতা হৈ থাকে৷ এই প্ৰতিযোগিতাসমূহ মাত্ৰ কেইঘণ্টামানৰ ভিতৰত শেষ হৈ যায়৷ শেহতীয়াকৈ ইউৰোপত হৈছে আন এক বিচিত্ৰ ধৰণৰ প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতা কেইবা দিন চলে৷ এই প্ৰতিযোগিতা হ’ল শোৱাৰ, আটাইতকৈ এলেহুৱাসকলৰ যি নিজৰ স্থানৰ পৰা সামান্যতমো ইফাল-সিফাল কৰিবলৈ নিবিচাৰে৷ ইউৰোপৰ উত্তৰ মণ্টেনেগ্ৰোৰ ৰিজৰ্ট গাঁও ব্ৰেজনা গাঁৱত এই আচৰিত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ কোনে কিমান সময় একেলেথাৰিয়ে শুব পাৰে তাক লৈ এই প্ৰতিযোগিতাখন হয়৷ নিউয়ৰ্ক পষ্টে প্ৰকাশ কৰা অনুসৰি এইবাৰ কুৰি দিনতকৈ অধিক সময় পাৰ হৈছে যদিও সাত প্ৰতিযোগীৰ কোনেও উঠিবলৈ বিচৰা নাই৷ প্ৰতিযোগিতাত যোৱা বছৰ হোৱা ১১৭ ঘণ্টা শোৱাৰ অভিলেখ ইতিমধ্যে ভংগ হৈছে৷ মন কৰিবলগীয়া যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীক খোৱা-বোৱা, পঢ়া-শুনা আৰু ম’বাইল-লেপটপ চলোৱাৰ সুবিধা দিয়া হয়৷ কিন্তু সকলো কাম বিছনাত শুই শুই কৰিব লাগে৷ প্ৰতিযোগীসকলে উঠা-বহা কৰা বা থিয় হ’লে নিয়ম ভংগ কৰা হয় আৰু লগে লগে তাৰ পৰা বাহিৰ কৰা হয়৷ প্ৰতিযোগীসকলৰ প্ৰতি ৮ ঘণ্টাৰ মূৰত ১০ মিনিট বিৰতি দিয়া হয়৷ যোৱা বাৰ বছৰে চলি অহা এই প্ৰতিযোগিতাৰ বিজয়ীক ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৮৯ হাজাৰ টকা পুৰস্কাৰ হিচাপে দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here