আমাৰ নিকটতম প্ৰতিৱেশী গ্ৰহটো হ’ল শুক্ৰ৷ পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ আকাৰ একেধৰণৰ হোৱা বাবে কিছুমানে এই গ্ৰহ দুটাক যমজ গ্ৰহ বুলি কয়৷ আগতে এক ধাৰণা কৰা হৈছিল যে শুক্ৰ গ্ৰহত অতীতত কোনো এটা সময়ত সাগৰ আছিল৷ সেইবাবে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলৰ ৰাসায়নিক গঠন পৰ্যালোচনা কৰি বিজ্ঞানীয়ে জনাইছে যে শুক্ৰ গ্ৰহৰ কেতিয়াও কোনোধৰণৰ সাগৰ নাছিল৷ শুক্ৰ গ্ৰহৰ পৃষ্ঠৰ তলত কোনোধৰণৰ পানীৰ আধাৰ নাই৷ আৰু সেইবাবে শুক্ৰ গ্ৰহ প্ৰথমৰ পৰাই কঠিন আৰু শুষ্ক৷ নেচাৰ এষ্ট্ৰ’নমি সাময়িকীত শুক্ৰ গ্ৰহ বিষয়ক এক গৱেষণা পত্ৰত এই তথ্য জনোৱা হৈছে৷ শুক্ৰ গ্ৰহৰ অভ্যন্তৰৰ গেছীয় পদাৰ্থ বিশ্লেষণ কৰি বিজ্ঞানীয়ে জানিবলৈ দিছে যে পৃথিৱীত থকা আগ্নেয়গিৰিৰ গেছে ৬০ ভাগৰো অধিক জলীয় বাষ্প থাকে৷ এই বাষ্পৰ পৰা বুজা যায় যে পৃথিৱী পানীসমৃদ্ধ৷ আনহাতে গাণিতিক মডেল ব্যৱহাৰ কৰি দেখা গৈছে যে শুক্ৰ গ্ৰহৰ অগ্নুৎপাতৰ কাৰণে সৃষ্ট গেছত ছয় শতাংশৰো বেছি জলীয় বাষ্প নাই৷ ইয়াৰ পৰাই বুজা যায় যে শুক্ৰ গ্ৰহৰ অভ্যন্তৰ বেছ শুষ্ক৷