শুক্ৰ গ্ৰহত প্ৰাণৰ জীৱনকাঠীৰ সন্ধান পালে বিজ্ঞানীয়ে

0
35

পৃথিৱীৰ এক দিশে যিদৰে প্ৰতিবেশী গ্ৰহ মঙল, একেদৰে আনদিশে প্ৰতিৱেশী গ্ৰহ হ’ল শুক্ৰ গ্ৰহ৷ যাক শুক্ৰতৰা বা ভোটাতৰা বু্‌লি ক’লেও হয়তো বেছি ভালকৈ বুজিব৷ আবেলি পশ্চিম আকাশৰ এই আলোকবিন্দু ভোটাতৰা নামে পৰিচিত৷ যাক আমি শুক্ৰ গ্ৰহ বুলি জানো৷ সেই শুক্ৰ গ্ৰহৰ মেঘৰ আঁৰত জীৱৰ জীৱনকাঠীৰ খোজ পাইছে বিজ্ঞানীয়ে৷ যদিও শুক্ৰ গ্ৰহৰ মেঘত ফচফিন নামৰ এবিধ গেছৰ সন্ধান পোৱা গৈছিল, তথাপি এইবাৰ আৰু অধিক নিশ্চিতভাৱে পোহৰলৈ আনিছে বিজ্ঞানীয়ে৷ ইংলেণ্ডৰ হালৰ ৰয়েল এষ্ট্ৰোনমিক ছ’চাইটিৰ অনুষ্ঠানত বিজ্ঞানীয়ে দৃঢ়তাৰে কয় যে শুক্ৰ গ্ৰহৰ মেঘত ফচফিন নামৰ গেছৰ সন্ধান পোৱা গৈছে৷ এই ফচফিনক কোৱা হয় জীৱৰ ছায়া৷ পৃথিৱীত জীৱন উৎসৰ সন্ধানত ফচফিনক গুৰুত্ব প্ৰদান কৰা হয়৷ জীৱ থকাৰ সম্ভাৱনাৰ এই ফচফিন এইবাৰ পোৱা গ’ল শুক্ৰ গ্ৰহত৷ সেয়ে বিজ্ঞানীয়ে ধাৰণা কৰিছে যে শুক্ৰ গ্ৰহত জীৱৰ সন্ধান পোৱা যাব পাৰে৷ যদিও এই বিষয়ে এক সম্যাক ধাৰণা কৰা হৈছে কিন্তু বিজ্ঞানীয়ে একো নিশ্চয়তা দিয়া নাই৷ আনহাতে শুক্ৰ গ্ৰহৰ মাটি ইমানেই গৰম যে কোনো প্ৰাণীৰ অস্তিত্ব কথাটো একেবাৰে সম্ভৱো নহয়৷ তথাপিও এই ফচফিনে এক নতুন আশা জোগাই তুলিছে৷ বিজ্ঞানীয়ে সেই আশাতে আলোকৰ পাছত দৌৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here