কেতিয়াবা কঁকালৰ বিষৰ অসহ্য যন্ত্ৰণা, নিতম্ব, উৰু, আনকি ভৰিৰ পতা পৰ্যন্ত এই বিষ অনুভৱ হয়৷ তেনে সময়ত অসহ্য যন্ত্ৰণা ভুগিব লগীয়া হয়৷ একো উৱাদিহ পোৱা নাযায়৷ এনে অৱস্থাত কোনোধৰণৰ মালিচ বা ঔষধেও সহজে কাম নিদিয়ে৷ ইয়াৰ নেপথ্যত থাকিব পাৰে ছায়াটিক স্নায়ু৷ চিকিৎসকে কোৱা মতে মানৱ দেহৰ দীৰ্ঘতম এই স্নায়ুবিধত কোনোধৰণৰ আঘাত লাগিলে খোঁচাৰ দৰে অনুভূতি হয় আৰু বিষ-বেদনা আৰম্ভ হয়৷ যাৰ কাৰণে স্বাভাৱিক কাম-কাজ কৰাত ব্যাঘাত জন্মে, কেতিয়াবা অসহ্য বিষ হোৱাও দেখা যায়৷ গৰম সেক বা মালিচ, পেইনকিলাৰ সেৱন কৰিলে সেই কষ্ট সাময়িকভাৱে নিয়ন্ত্ৰণ হয় যদিও দীৰ্ঘস্থায়ী সমাধান পোৱা নাযায়৷ সেয়ে এই অসহনীয় সমস্যাৰ পৰা দীৰ্ঘস্থায়ী সমাধানৰ বাবে মকৰাসন কৰাৰ অভ্যাস কৰিব পাৰে৷ এই যোগবিধে ছায়াটিকাৰ বিষ-বেদনা কমোৱাৰ লগতে সমাধানৰ উপায় দিব পাৰে৷
কিদৰে কৰিব মকৰাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিত মেট পাৰি মূৰ তলমুৱা কৰি শুই লওক৷ তাৰ পাছত মূৰটো মাটিৰ পৰা লাহে লাহে ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ একে সময়তে হাত দুখন মূৰৰ পিছফালে মুঠি মাৰি ধৰি ৰাখক৷ মূৰটোৰ সমান্তৰালকৈ ভৰি দুখনে একলগ কৰি যিমান পাৰে মাটিৰ ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ মনত ৰাখিব মূৰ আৰু ভৰি সমানে যাতে ওপৰলৈ উঠে৷ এনে সময়ত পেট, বুকু আৰু উৰু মাটিত স্পৰ্শ কৰি থাকিব৷ এইদৰে কিছু সময় ৰৈ পাছত বিশ্ৰাম অৱস্থালৈ ঘূৰি আহক৷