শীতত চৰ্দি, কাহৰ পৰা নিৰাময় পাবলৈ বহুতেই বজাৰত উপলব্ধ চাৱনপ্ৰাছ খোৱা দেখা যায়৷ আমলখি, তুলসী, পিপলি, জালুক আৰু একাধিক বনৌষধি তৈয়াৰী এই চাৱনপ্ৰাছ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে কাৰ্যকৰী৷ পিছে এই চাৱনপ্ৰাছ শুদাই শোৱাৰ পৰিৱৰ্তে যদি গাখীৰৰ লগত খায়, তেন্তে ইয়াৰ ফল দুগুণ লাভ কৰিব পাৰিব৷ বহুতৰে শুদাই চাৱনপ্ৰাছ খালে পেট জ্বলা-পোৰা কৰে৷ কিন্তু আপুনি যদি গাখীৰৰ লগত ইয়াক খায়, তেন্তে দুগুণ সুফল লাভ কৰাৰ লগতে পেট জ্বলা-পোৰা সমস্যাৰ পৰা ৰেহাই পাব পাৰিব৷ গাখীৰৰ লগত চাৱনপ্ৰাছ খালে ই নতুন কোষ উৎপন্ন কৰাত অৰিহণা যোগায়৷ লগতে শীতত হ’ব পৰা শ্বাসজনিত ৰোগ নিৰাময়তো এই বিধিয়ে সহায় কৰে৷
দিনে দুবাৰকৈ চাৱনপ্ৰাছ গাখীৰৰ লগত সেৱন কৰিলে আপোনাৰ ইমিউনিটি বৃদ্ধি হোৱাৰ লগতে প্ৰজনন ক্ষমতা উন্নত হৈ ফাৰ্টিলিটিৰ সমস্যা হ্ৰাস পোৱাৰ সহায়ক হয়৷ অকল গাখীৰেই নহয়, চাৱনপ্ৰাছক আপুনি গৰম পানী, মৌ নাইবা ব্ৰেডত লগায়ো খাব পাৰে৷