শীতকালত হোৱা খজুৱতি কেনেকৈ নাশ কৰিব

0
2151

শীতৰ দিনত ছাল শুকাই যোৱাটো সকলো ব্যক্তিৰ বাবে এটা মুখ্য সমস্যা৷ শীতকালত জলবায়ু ঠাণ্ডা হয় আৰু বায়ুমণ্ডলৰ আদ্ৰৰ্তা কমি আহে৷ ফলত আমাৰ ছালখনে প্ৰয়োজনতকৈ কম পানী পায় আৰু ছালখন ৰুক্ষ হৈ পৰে৷ ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ ঊলৰ কাপোৰ পৰিধান কৰাৰ বাবে শুকান ছালত খজুৱতিৰ সমস্যাই অধিক দেখা দিয়ে৷ বিশেষকৈ, এনে সময়ত শৰীৰত ছালৰ এলাৰ্জি, ছাল খৰখৰীয়া হোৱা, ছাল ফটা আদি সমস্যাও দেখা দিয়ে৷ ইয়াৰ প্ৰতিকাৰ হিচাপে ঠাণ্ডাৰ দিনৰ নিয়মিত নাৰিকল তেলেৰে শৰীৰ মালিচ কৰিব লাগে৷ নাৰিকল তেলে খজুৱতি দূৰ কৰাৰ লগতে শৰীৰ মসৃণ কৰে৷ নাৰিকল তেলত কৰ্পূৰ মিহলাই গা ধুই উঠি শৰীৰত লগাব লাগে৷ নিমপাত পানীত উতলাই সেই পানীৰে গা ধুব লাগে৷ তেনে কৰিলে খজুৱতি দূৰ হোৱাৰ লগতে শৰীৰৰ বীজাণু ধ্বংস হয়৷ তিল তেল গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত গা মালিচ কৰিলে খজুৱতি নিৰাময় হয়৷ গ্লিচাৰিন, গোলাপ জল আৰু নেমুৰ ৰস মিহলাই শৰীৰত লগালেও সুফল পোৱা যায়৷ আমি কুহুমীয়া পানীৰে গা ধুব লাগে, কেতিয়াও বেছি গৰম পানীৰে গা ধুব নালাগে৷ তেনে কৰিলে গাৰ ছালবোৰ অধিক ৰুক্ষ হয় আৰু শুকাই যায়৷ ঠাণ্ডাৰ দিনত আমি অধিক মাত্ৰাত পানী খাব লাগে৷ এনে কৰিলে ছালখনৰ সিক্ততা ধৰি ৰখাত সহায় হয়৷ গা ধোৱাৰ আগতে শৰীৰত তেল ঘঁহি ল’লে যথেষ্ট সুফল পোৱা যায়৷ এনেধৰণৰ নিয়মবোৰ মানি শীতকালত আমি আমাৰ ছালখন নফটাকৈ উজ্জ্বল, কোমল আৰু মসৃণ কৰি ৰাখিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here