শীতকালত মূত্ৰনলীৰ সংক্ৰমণ অধিক হোৱাৰ কাৰণ কি ?

0
16

শীত ঋতু মানেই যেন আৰামদায়ক গৰম কাপোৰ, গৰমে গৰমে ধোৱাই থকা চাহ-কফিত চুমুক দিয়া, গৰমে গৰমে ভাত খোৱা তথা জুইৰ উম লৈ বন্ধুমহলত আড্ডা দিয়া আদি কথাবোৰ আহে৷ ইয়াৰ লগে লগে অৱশ্যে কাহ, চৰ্দি, মূৰৰ বিষো একেলগেই আহে৷ ঠাণ্ডাৰ সময়ছোৱাত আন আন ৰোগৰ লগতে আৰু এটা ৰোগত ভোগাৰ সম্ভাৱনা বাঢ়ি যায়৷ সেইটো হ’ল ইৰিনাৰী ট্ৰাক্ট ইনফেকশ্যনছ বা ইউ টি আই বা মূত্ৰনলীৰ সংক্ৰমণ৷ যি সংক্ৰমণৰ ফলত মূত্ৰনলীত একধৰণৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হয়৷ অৱশ্যে ইয়াৰ বাবে অকল ঠাণ্ডা আৱহাৱা নহয়, বৰং ভিটামিন-ডিও ইয়াৰ বাবে দায়ী৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে এই ৰোগ হ’ব পাৰে৷ কাৰণ শীতকালত গাত সূৰ্যৰ ৰ’দ কমলৈ পৰে বা একেবাৰে নপৰে৷ যাৰ ফলত দেহত এই ভিটামিনৰ অভাৱ হয় আৰু এই ৰোগৰ সৃষ্টি হয়৷ যুক্তৰাষ্ট্ৰৰ নৰ্থৱেল ষ্টেটেন আইলেণ্ড ইউনিভাৰছিটি হস্পিটেলৰ পুৰুষ বন্ধ্যাত্ব বিষয়ক বিভাগৰ পৰিচালক ডাঃ জোনাথান ডাভিলা ৱেল এণ্ড গুড ডটকমত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বেয়া বেক্টেৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে প্ৰয়োজন হয় ভিটামিন-ডিৰ৷ ইয়াৰ অভাৱত বিভিন্ন শাৰীৰিক সমস্যা দেখা দিব পাৰে আৰু ইয়াৰ মাজত মূত্ৰনলীৰ সংক্ৰমণো অন্যতম৷ উল্লেখ্য যে ভিটামিন-ডি এণ্টিমাইক্ৰবিয়েল পেপটাইডছৰ উৎপাদন বৃদ্ধিৰ মাধ্যমেৰে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে৷ পেপটাইড হ’ল একধৰণৰ অণু, য’ত এক বা একাধিক এমিন’ এচিড থাকে আৰু এইবোৰে মিলিত হৈ প্ৰ’টিন তৈয়াৰ কৰে৷ সেয়ে বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাৰ বাবে পেপটাইডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়ে ভিটামিন-ডিৰ অভাৱৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা পৰিপূৰ্ণভাৱে কাম কৰিব নোৱাৰে৷ যাৰ ফলত মূত্ৰনলীত সংক্ৰমণ ঘটায় এনে জীৱাণুৱে৷ যেনে– ই কোলিত সহজে আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ে৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে যিসকলে মূত্ৰনলীৰ সংক্ৰমণত ভোগে, তেওঁলোকৰ একমাত্ৰ ভিটামিন-ডিৰ শৰীৰত অভাৱৰ বাবে হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here