বছৰৰ বিভিন্ন সময়ত আমাৰ খাদ্যাভ্যাস সলনি হৈ থাকে৷ বিশেষকৈ শীতকালত বিভিন্ন ধৰণৰ শাক-পাচলি উৎপাদন হয় আৰু বজাৰ ভৰি পৰে৷ বজাৰত নানা তৰহৰ শাক, পাচলি সহজে পায় আৰু স্বাস্থ্যকাৰী গুণবিশিষ্ট এইবোৰৰ বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰি খাদ্যৰ জুতি ল’ব পাৰি৷ এইবোৰৰ ভিতৰত জিলমিল বা ভতুৱা শাক অন্যতম৷ এই শাকবিধ খাবলৈ যিমান সুস্বাদু, সিমানেই স্বাস্থ্যৰ কাৰণেও উপকাৰী৷ জিলমিল শাকে শৰীৰৰ বিভিন্ন ধৰণে উপকাৰ সাধন কৰে৷ বিশিষ্ট চিকিৎসক সিদ্ধাৰ্থ চৌহানে জনোৱা মতে শীতকালত ভতুৱা শাক খোৱা উচিত৷ ইয়াত বিভিন্ন উপকাৰী উপাদান থাকে৷ জিলমিল শাকে আমাৰ ইমিউনিটি ছিষ্টেম শক্তিশালী কৰাত সহায় কৰে৷ জিলমিল শাকত কেলচিয়াম, ছডিয়াম, মেগনেচিয়াম, আইৰন, মেংগানিজ, ফচফৰাছ, পটাচিয়াম, জিংক আদিৰে সমৃদ্ধ হোৱা বাবে শীতকালত নানা বেমাৰৰ সৈতে যুঁজ কৰাত সহায় কৰে৷ পুষ্টিবিদৰ মতে হজমৰ উপৰি কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান কৰিব পাৰে জিলমিল শাকে৷ এই শাকত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে বাবে ওজন কমোৱাত সহায় কৰে৷ প্ৰচুৰ ফাইবাৰেৰে ভৰা এই শাকবিধত কেলৰি কম থাকে৷ এই শাকত প্ৰচুৰ পৰিমাণ প্ৰ’টিন, ভিটামিন তথা মিনাৰেল পোৱা যায়৷ চুলি সৰা, চুলিৰ আন সমস্যা নিৰাময় কৰি চুলি মজবুত কৰি চুলি উজ্জ্বলতা বৃদ্ধি কৰাত এইবিধ শাকে সহায় কৰে৷ মধুমেহ ৰোগ তথা ৰক্তশোধন কৰাত এই শাকবিধে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷