পম্পল বা ব্ৰুন ছালৰ এটা সাধাৰণ সমস্যা৷ প্ৰায় ৮৫ শতাংশ কিশোৰ-কিশোৰীয়ে এই ব্ৰুনৰ সমস্যাত ভোগে৷ হৰমনজনিত কাৰণতো বহু সময়ত ব্ৰন ওলোৱা দেখা যায়৷ আকৌ ছালখনৰ সঠিক যতন নল’লেও ব্ৰুন সমস্যাই দেখা দিব পাৰে৷ এটা সময়ত এই সৰু সমস্যাটোৱে ভয়াৱহ ৰূপ ল’ব পাৰে৷ অনেক সময়ত মুখত পিম্পল হোৱাৰ বাবে কেতিয়াবা লজ্জাবোধো কৰিবলগীয়া হয়৷ সেয়েহে ঘৰুৱাভাৱে মুখৰ পিম্পলৰ সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব জানো আহক৷
মেলালেউকা অল্টাৰনিফোলিয়া নামৰ এবিধ গছৰ পৰা টী ট্ৰি অইল তৈয়াৰ হয়৷ এই এচেনচিয়েল তেলবিধে বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা বচাই ছালখনৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ গৱেষণাৰ পৰা জনা মতে টী ট্ৰি অইল ব্ৰুনৰ সমস্যা নিৰাময়ৰ বাবে উপযোগী৷ মন কৰিবলগীয়া যে অকল এই তেলবিধ ছাল বা ব্ৰুনৰ ওপৰত নলগাব৷ ইয়াৰ সৈতে নাৰিকল তেল বা অলিভ অইল মিহলাই ছাল বা ব্ৰুনত লগাব৷ দিনত দুবাৰমান এই মিশ্ৰণটো মুখত ব্যৱহাৰ কৰিলে এসপ্তাহতে ব্ৰুনৰ সমস্যাৰ পৰা সকাহ পাব৷
গ্ৰীন টী স্বাস্থ্যৰ বাবে যিমান উপকাৰী, ছাৱৰ বাবেও সিমানে কাৰ্যকৰী৷ গ্ৰীন টীত ফ্লেভেনয়ড তথা টেনিনছ পোৱা যায়৷ ইয়াৰ বাহিৰেও ইয়াৰ ভৰপূৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ ইয়াৰ বাবে প্ৰথমে গ্ৰীন টীৰ চাহ বনাই লৈ পানীখিনি ভালদৰে উতলাৰ পাছত ঠাণ্ডা হ’বলৈ দিব৷ তাৰ পাছত চাহখিনি চেকি এটা বটলত সংৰক্ষণ কৰি ৰাখক৷ দিনটোত দুবাৰ এই মিশ্ৰণখিনি মুখত লগাই পাছত ধুই দিব৷ এইদৰে কৰিলে ব্ৰুনৰ সমস্যা সমাধান হয়৷
ছালৰ যিকোনো সমস্যা সমাধানৰ বাবে এলোভেৰা জেল অতি উত্তম৷ ব্ৰুনৰ সমস্যা দূৰ কৰাত এলোভেৰা জেল বিশেষ উপযোগী৷ ইয়াৰ উপৰি ছালখনৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ এলোভেৰা জেলে যথেষ্ট সহায় কৰে৷