শীঘ্ৰেই কভিড ভেক্‌চিন আপোনাৰ হাতত পৰিবনে?

0
2800

আমেৰিকাৰ ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠান ফাইজাৰে কয় যে ভাৰতত তেওঁলোকৰ ভেক্‌চিন সহজলভ্য কৰাৰ সুযোগৰ সন্ধান কৰিবলৈ ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ফাইজাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ ফাইজাৰে কয় যে সমগ্ৰ বিশ্বৰ বহু চৰকাৰৰ সৈতে কোম্পানীটোৱে আলোচনা চলাই আছে৷ এটা বিবৃতিত ঔষধ উৎপাদনকাৰী কোম্পানীটোৱে কয়– ‘সংশ্লিষ্ট চৰকাৰী কতৃৰ্পক্ষসমূহৰ সৈতে হোৱা চুক্তিৰ ভিত্তিত আৰু বিধিগত কতৃৰ্ত্ব বা অনুমোদনৰ পাছত ফাইজাৰে কেৱল চৰকাৰী ঠিকাৰ যোগেদিহে এই ভেক্‌চিনৰ যোগান ধৰিব৷’ অৱশ্যে সূত্ৰসমূহৰ মতে, ফাইজাৰ আৰু জাৰ্মানিৰ বায়’ এন টেকে উদ্ভাৱন কৰা ভেক্‌চিন সোনকালে ভাৰতত সুলভ হোৱাৰ সম্ভাৱনা নাই৷ ভাৰতত ভেক্‌চিন এটাৰ বাবে অনুমতি পাবলৈ হ’লে ভাৰতত ক্লিনিকেল পৰীক্ষা চলাব লাগিব৷ সূত্ৰসমূহে কয় যে ফাইজাৰ বা ইয়াৰ অংশীদাৰ কোম্পানীসমূহক তেনে পৰীক্ষা চলাবলৈ কোৱা হোৱা নাই৷ ইয়াৰ অৰ্থ হ’ল, ফাইজাৰ এতিয়া ভাৰতীয় কোম্পানী এটাৰ অংশীদাৰ হ’লেও দেশখনত ভেক্‌চিনটো সহজলভ্য হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here