শিশুৰ স্বাস্থ্যকৰ খাদ্যাভ্যাস প্ৰস্তুতৰ কেইটামান টিপছ

0
94

স্কুলগামী বা বাঢ়ন্ত বয়সৰ বা উঠি অহাৰ এটি শিশুৰ মানসিক আৰু শাৰীৰিক বৃদ্ধি খুব গুৰুত্বপূৰ্ণ৷ এই সময়খিনিত শিশুসকলৰ স্বাস্থ্যকৰ খাদ্যাভ্যাসত অভ্যস্ত কৰিবলৈ চেষ্টা কৰা অতি জৰুৰী৷ সৰুকালৰ পৰাই শিশুক সুষম আহাৰৰ খাদ্যাভ্যাসত অভ্যস্ত কৰিব পাৰিলে শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি চাহিদা পূৰণ হয়৷ সেয়ে পুুষ্টিবিদে শিশুৰ প্ৰয়োজনীয় খাদ্য যোগান তথা খোৱাৰ অভ্যাস কৰাৰ দিছে কেইটামান টিপছ৷
ব্যস্ততাৰ কাৰণে প্ৰায়ভাগ মাক-দেউতাকে সন্তানক প্ৰক্ৰিয়াজাত খাদ্য বা ফ্ৰোজেন ফুড খাদ্য হিচাপে দিয়ে৷ এইটো একেবাৰেই অগ্ৰহণীয়৷ শিশুক প্ৰক্ৰিয়াজাত খাদ্য খোৱাত অভ্যাস একেবাৰে নকৰিব৷ ঘৰতে তৈয়াৰ কৰা খাদ্য শিশুটিক খুওৱাৰ অভ্যাস কৰক৷
আপোনাৰ শিশুটিৰ লাঞ্চবক্স বা স্কুলৰ টিফিনত বেলেঞ্চড্‌ খাদ্য ৰখাৰ চেষ্টা কৰক৷ আনহাতে দুপৰীয়া আহাৰ সৈতে সেউজীয়া শাক-পাচলি, খাদ্যশস্য তথা প্ৰ’টিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক৷
শিশুটিক প্ৰধান পানীয় হিচাপে পানী খাবলৈ উৎসাহিত কৰক৷ দিনটোৰ ভিতৰত আপোনাৰ শিশুটিৰ বাবে প্ৰয়োজনীয় পানী সেৱন কৰাটো নিশ্চিত কৰক৷ আনহাতে ঘৰতে তৈয়াৰ কৰা ফলৰ জুচ, নেমুৰ ৰস আদি বনাই খাবলৈ দিয়ক৷ বজাৰত পোৱা প্ৰক্ৰিয়াজাত জুচ বা পানীয় সেৱন কৰিবলৈ একেবাৰে নিদিব৷
শিশুটিক প্ৰতিদিনে সুষম আহাৰ দিবলৈ যত্ন কৰক৷ যেনে এখন প্লেটতে যদি চাৰিভাগ এভাগ কৰে. তাৰ আধা ফল বা পাচলি, এক চতুৰ্থাংশ পূৰণ কৰক৷
শিশুটিক প্ৰতিদিনে অন্ততঃ এঘণ্টা শাৰীৰিক পৰিশ্ৰম কৰাৰ অভ্যাস কৰাওক৷ পাৰ্ক অথবা মুকলি ঠাইলৈ নি দৌৰা-দৌৰি, খেলা-ধূলা কৰিবলৈ সুবিধা দিয়ক৷ শিশুই শাৰীৰিক পৰিশ্ৰম কৰাৰ ফলত ভোক বাঢ়িব আৰু তেতিয়াহে খোৱাৰ ইচ্ছা কৰিব আৰু খোৱাৰ প্ৰতি আকৃষ্ট হ’ব৷
মনত ৰাখিব শিশুটিক কোৱাৰ সময়ত খাদ্যক লৈ কেতিয়াও জোৰ নকৰিব বা সিহঁতৰ ইচ্ছাৰ বিৰুদ্ধে গৈ জোৰ কৰি খাদ্য খুৱাবলৈ যতনে নকৰিব৷ সিহঁতৰ নিজৰ পচন্দমতে খাবলৈ দিয়ক৷ খোৱাৰ সময়ত পৰিৱেশতো আনন্দদায়ক কৰিবলৈ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here