আয়াৰলেণ্ডৰ গ্ৰেষ্টন নামৰ নগৰখনত শিশুৰ বাবে স্মাৰ্টফ’নৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ লোৱা হৈছে৷ নগৰখনত শিশুৰ বাবে স্মাৰ্টফ’নৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ আঠখন প্ৰাথমিক বিদ্যালৰ ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃসকল একগোট হৈছে৷ পিতৃ-মাতৃসকলৰ মতে, এই নিষেধাজ্ঞা শিশুসকলৰ সুৰক্ষাৰ বাবে৷ শিশুসকলকৰ বাবে উপযুক্ত নোহোৱা কিছুমান বিষয় যাতে সিহঁতে চাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই নিয়ম প্ৰণয়ন কৰাৰ উদ্দেশ্য হ’ল শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰতি চকু ৰখা৷ নগৰখনত শিশুসকলে মাধ্যমিক স্কুল নোপোৱালৈকে স্মাৰ্টফ’নৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব৷ অভিভাৱক সন্থাৰ মতে শিশুসকলক কেৱল স্কুলতেই নহয়, প্ৰতি ঘৰতে, সকলো স্থানতে স্মাৰ্টফ’নৰ ব্যৱহাৰ কৰাত বাধা আৰোপ কৰাটো বিচাৰিছে৷