শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ হ’ব : ক’ত?

0
383

আমেৰিকাত অচিৰেই ১৩ বছৰতকৈ কম বছৰৰ শিশুৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব৷ দেশখনৰ উচ্ছ সদন ছিনেটত এই সম্পৰ্কত এখন বিধেয়ক উত্থাপন কৰা হৈছে৷ যুক্তৰাষ্ট্ৰীয় বিধেয়কখনৰ জৰিয়তে ফে’চবুক, ইনষ্টাগ্ৰাম, টিকটকৰ দৰে সামাজিক মাধ্যম ব্যৱহাৰৰ বাবে বয়সৰ সীমা নিৰ্ধাৰণ কৰিব বিচৰা হৈছে৷ ইয়াৰ অধীনত ১৩ বছৰতকৈ কম বয়সৰ শিশুৱে সামাজিক মাধ্যম অৰ্থাৎ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াত এইবুলি প্ৰস্তাৱ কৰা হৈছে যে তথ্য-প্ৰযুক্তিৰ কোম্পানীবোৰে কিশোৰ-কিশোৰীৰ একাউণ্ট খোলাৰ আগতে অভিভাৱকৰ সন্মতি আদায় কৰিব লাগিব৷  বিধেয়কখনৰ জৰিয়তে ১৩ বছৰ বা তাতোকৈ কম বয়সৰ শিশুৰ সামাজিক মাধ্যমত একাউণ্ট খোলা বা আন ব্যৱহাৰকাৰীৰ সৈতে কথা পতাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াৰ লগতে কোম্পানীসমূহক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বা বিজ্ঞাপনৰ লক্ষ্য কৰি কিশোৰ-কিশোৰীৰ ব্যক্তিগত তথা ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে৷ এই বিধেয়কখনৰ জৰিয়তে শিশুসকলক সামাজিক মাধ্যমে কৰা ক্ষতি প্ৰতিৰোধ কৰিব বিচৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here