এটি শিশু ওখ-পাখ হোৱাৰ কাৰণে শৰীৰৰ যি হৰমনৰ বিশেষ ভূমিকা ৰাখে, সেইটোৱে হ’ল গ্ৰ’থ হৰমন৷ গ্ৰ’থ হৰমনৰ অভাৱ বা নাটনি হ’লে শিশু খৰ্ব হ’ব পাৰে৷ বহুতেই মন কৰে যে গ্ৰ’থ হৰমন বুষ্ট খালে শিশুটি ওখ হোৱাৰ সহায়ক হয়৷ লক্ষ্য কৰা যায়, কিছুমান অভিভাৱকে তেওঁলোকৰ শিশুটিক ওখ-দীঘল কৰাৰ বাবে গ্ৰ’থ হৰমনৰ দিয়াৰ পোষকতা কৰে, যি যুক্তিসংগত নহয়৷ ওখ হোৱাৰ বাবে গ্ৰ’থ হৰমন এককভাৱে দায়ী নহয়৷ এটি শিশউ কিমান ওখ হয়, সেই কথাটো কিছুমান কথাৰ ওপৰত নিৰ্ভৰ কৰে৷ গ্ৰ’থ হৰমন অবিহনেও শিশু সঠিকভাৱে ওখ-পাখ হোৱাৰ কাৰণে যিবোৰ বিষয় দায়ী, সেয়া হ’ল গৰ্ভাৱস্থাত শিশুৰ স্বাস্থ্য, মাকৰ সাৰ্বিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল৷ নৱজাতকৰ ওজন আৰু সুস্থতা, গড় পাৰিবাৰিক উচ্ছতা, দীৰ্ঘম্যাদী অপুষ্টি আৰু বিভিন্ন সময়ত আক্ৰান্ত দীৰ্ঘকালীন ৰোগ-ব্যাধিৰ যথাযথ চিকিৎসা নোহোৱা, এইবোৰৰ লগত ওখ বা দীঘল হোৱাৰ কাৰণে প্ৰয়োজনীয় হৰমনৰ অভাৱ বা অকাৰ্যকাৰিতা উল্লেখযোগ্য৷ এটি শিশু হৰমন-ৰোগ বিশেষজ্ঞ শিশুৰ সাৰ্বিক অৱস্থা বিবেচনা কৰি দীঘল হোৱাৰ অন্তৰায়ৰ অন্য কাৰণৰ যথাযথ ব্যৱস্থা গ্ৰহণ কৰি আৰু প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰি গ্ৰ’থ হৰমন থেৰাপী দিব নে নিদিয়ে, সেয়া ঠিক কৰা৷ এইবোৰ ক্ষেত্ৰত গ্ৰ’থ হৰমনক লৈ অনুমোদন দিয়া হৈছে৷ সেয়া হ’ল– শৰীৰৰ গ্ৰ’থ হৰমনৰ অভাৱ যদি প্ৰমাণিত হয়৷ প্ৰাডাৰ উইলি ছিনড্ৰম নামৰ বিশেষ ৰোগ৷ জন্মগত স্বপ্ল ওজনৰ শিশু, যাৰ পাছৰ পৰ্যায়ত সঠিক বৃদ্ধিপ্ৰাপ্ত হোৱা নাই৷শক্স জিন হাপ্পো-ইনছাফিচিয়েনছি৷ নুনান চিনড্ৰম৷ দীৰ্ঘম্যাদী কিডনী বিকলজনিত ৰোগ আদি৷