শিক্ষাৰ্থীৰ আত্মহনন ৰোধৰবাবে ল’লে বিশেষ ব্যৱস্থা

0
275


সমগ্ৰ দেশৰ লগতে বিভিন্ন ৰাজ্যত শিক্ষাৰ্থীসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে৷ অত্যধিক পঢ়াৰ বোজা, মানসিক চাপ, পৰীক্ষাত পোৱা কম নম্বৰ, পৰীক্ষাৰ ফলাফল বেয়া কৰা, পৰিয়ালৰ পৰা পোৱা হেঁচা আদি বিভিন্ন কাৰণত অতিসম্প্ৰতি এই আত্মহনন ঘটনা দিনক দিনে বৃদ্ধি পাই গৈ আছে৷ চৰকাৰ-প্ৰশাসন তথা স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা বিভিন্ন প্ৰকাৰে এই আত্মহনন ৰোধৰ চেষ্টা কৰা হৈছে যদিও কোনো সুফল লাভ কৰা নাই৷ শেহতীয়াভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰসিদ্ধ ৰাজস্থানৰ ক’চিং চেণ্টাৰৰ মূল কেন্দ্ৰ কোটাত আত্মহত্যা ৰোধৰ বাবে জিলা প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ আত্মহত্যা ৰোধৰ বাবে কোটাৰ ক’চিং চেণ্টাৰসমূহৰ স্প্ৰীংযুক্ত ফেন স্থাপন কৰিছে৷ এই বিশেষ ফেনবিধত এতিয়াৰ পৰা শিক্ষাৰ্থীসকলে আত্মহত্যাৰ চেষ্টা কৰিলেও বিফল হ’ব৷ কিয়নো স্প্ৰীংযুক্ত এই ফেনবোৰত নিৰ্ধাৰিত পৰিমাণতকৈ ওজন বা ভৰ দিয়েই ছিগি পৰিব৷ উল্লেখ্য যে ক’চিং চেণ্টাৰৰ কেন্দ্ৰস্থল বুলি জনাজাত কোটাত চলিত বৰ্ষত এতিয়ালৈকে ২২ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে পথ বাছি লৈছে৷ পঢ়াৰ বোজা, মানসিক চাপ, পৰীক্ষাৰ ফলাফল আদিবোৰ কাৰণতে এইদৰে এই পথ লোৱাৰ পাছত জিলা প্ৰশাসনে উপায়হীন হৈ কেন্দ্ৰবোৰত স্প্ৰীংযুক্ত ফেন লগাবলৈ নিৰ্দেশনা জাৰি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here