কভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে দেশৰ সকলো ৰাজ্যতে বিদ্যালয়সমূহ যোৱা মাৰ্চৰ পৰা বন্ধ হৈ আছে৷ এতিয়া কভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাৱিয়াই জনায় যে দুই কোটিতকৈ বেছি অতিৰিক্ত কভিড-১৯ৰ ভেক্চিনৰ পালি ৰাজ্যবোৰলৈ এই মাহত পঠিওৱা হৈছে আৰু ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ আগত অগ্ৰাধিকাৰ ভিত্তিত বিদ্যালয়ৰ সকলো শিক্ষককে ভেক্চিন দিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে যোৱা মাৰ্চৰ পৰা বিদ্যালয় বন্ধ থকাৰ পাছত ছেপ্টেম্বৰৰ পৰা খোলাৰ যো-জা চলোৱা হৈছে৷ অৱশ্যে কেইখনমান ৰাজ্যই আগষ্ট মাহৰ পৰাই দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিলে৷